ETV Bharat / state

শিঙৰাৰ আকস্মিক বানত থান-বান নাওবৈচাৰ হাজাৰজনৰ জীৱন - শিঙৰা নৈৰ বান

শিঙৰা নৈৰ আকস্মিক জলপ্ৰলয়ে থানবান কৰিলে নাওবৈচাৰ 30 খন গাঁৱৰ সহস্ৰাধিক জনতাৰ জীৱন-সম্পত্তি ৷ পথত আৰু বান শিবিৰত যন্ত্ৰণাময় জীৱন পাৰ কৰিছে বানপীড়িতসকলে ৷ বান পৰিস্থিতি পৰিদৰ্শন নকৰা বিধায়ক মামুন ইমদাদুল হক চৌধুৰীক ককৰ্থনা বন্যাৰ্তৰ ৷

Singra river destroyed Nowboicha people
বানত থান-বান নাওবৈচাৰ সহস্ৰাধিক জনতাৰ জীৱন
author img

By

Published : Aug 22, 2020, 9:11 PM IST

নাওবৈচা, ২২ আগষ্ট: পাহাৰীয়া শিঙৰা নৈৰ আকস্মিক বানে 14 আগষ্টৰ পুৱাৰ ভাগত নাওবৈচা আৰু দলহাট-সোণাপুৰ পঞ্চায়তবাসীৰ ৰক্ষাকৱচ স্বৰূপ 15নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দলহাট বজাৰ সংযোগী গড়কাপ্তানি পথটো ছিঙি নি যি জলপ্ৰলয়ৰ সৃষ্টি কৰিছে সেই জলপ্ৰলয়ৰ আতংক বৰ্তমানো অঞ্চলবাসীৰ মাজত বিৰাজমান ৷

13 আগষ্টৰ নিশালৈকে নৈখন শান্ত হৈ আছিল যদিও 14 আগষ্টৰ পুৱা নৈখনে অস্বাভাৱিক ৰূপ ধাৰণ কৰি উল্লেখিত পথটো খণ্ড-বিখণ্ড কৰি নাওবৈচা আৰু দলহাট-সোণাপুৰ পঞ্চায়ত দুখনৰ সহস্ৰাধিক জনতাৰ জীৱনলৈ ঘোৰ অমানিশা নমাই অনাই আনে ৷

নৈখনৰ সংহাৰী বানৰ ভয়াৱহতা ইমানেই আছিল যে, ইয়াৰ বাঢ়নী পানীয়ে 30 নং ফিচিগ্ৰাণ্টৰ 20 টাৰো অধিক বাসগৃহ নিমিষতে উটুৱাই নিয়ে ৷ বহু কষ্টৰ বিনিময়ত গঢ় দিয়া আপোন ঘৰ আৰু পথাৰখন পলকতে কাঢ়ি নিয়া শিঙৰাৰ আকস্মিক বানে তেওঁলোকৰ বাবে এতিয়া যেন একোৱেই থৈ যোৱা নাই, থৈ গৈছে কেৱল যন্ত্ৰণাময় জীৱন ৷

শিঙৰাৰ আকস্মিক বানত থান-বান নাওবৈচাৰ সহস্ৰাধিক জনতাৰ জীৱন

শিঙৰাৰ বলিয়া বানে মূহুৰ্ততে কাঢ়ি লৈ গ’ল অঞ্চলবাসীৰ ভৱিষ্যতৰ সপোনবোৰ ৷ লগতে ইমান কষ্টেৰে সজা উপাৰ্জনৰ একমাত্ৰ সম্বল বিস্কুট ফেক্টৰীটো কোন মুহূৰ্তত বানে লৈ উটুৱাই লৈ গ’ল একো ধৰিবই নোৱাৰিলে ৷ গাঁৱৰ জুৱেল তাগৰী, শান্তিয়েল তাঁতি, নিকেল চনা, চুজন বিশ্বাস, ইষ্টিফান তাঁতি, নাগা কান্দপান, আকাশ তাঁতি আৰু জগ্গনাথ শাঠিকে ধৰি 20 টাতকৈও অধিক পৰিয়ালৰ পকী-কেঁচা ঘৰ বানে মূহুৰ্ততে ধ্বংসস্তূপত পৰিণত কৰি গাঁওবাসীক গৃহহাৰা কৰিলে ৷

সম্প্ৰতি অঞ্চলটোত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও এতিয়াও বানৰ বিভীষিকা কমি যোৱা নাই ৷ অঞ্চলটোৰ প্ৰায় 4 শতাধিক পৰিয়ালে নিজৰ ঘৰ-ভেটি বানত হেৰুৱাই পথৰ দাঁতিত আৰু আশ্ৰয় শিবিৰত কোনোমতে জীৱনটো ৰক্ষা কৰি জীয়াই আছে ৷ ফিচিগ্ৰাণ্টৰ 200ৰো অধিক পৰিয়ালে পথৰ দাঁতিত সামান্য এখন তিৰ্পালৰ চালিৰ তলত আশ্ৰয় লৈ এমুঠি অন্নৰ লগতে বস্ত্ৰ আৰু খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ৷

সাধাৰণ তিৰ্পালৰ চালিৰ তলত আশ্ৰয় লৈ থকা বন্যাৰ্তসকলৰ মাজত ভূতৰ ওপৰত দানহ পৰাদি বিভিন্ন ৰোগে আগুৰি ধৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, সংহাৰী বানে এসপ্তাহ অতিক্ৰম কৰাৰ পাচতো জিলা প্ৰশাসনে মাত্ৰ এবাৰ বান সাহাৰ্য দিয়েই দায়িত্ব সামৰিছে ৷ খোৱাপানীৰ বাবে আশ্ৰয় শিবিৰসমূহত দমকলৰ ব্যৱস্থা কৰা হৈছিল যদিও সেই দমকলৰ পৰা পানী নোলাল, যাৰ ফলত নৈৰ লেতেৰা পানীকে সেৱন কৰিছে ৰাইজে ।

আনহাতে বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে বৰ্তমানলৈকে অঞ্চলটোৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিবলৈ নোযোৱা বাবে বন্যাৰ্ত ৰাইজক অধিক ক্ষুব্ধ হৈ পৰিছে ৷ বন্যাৰ্তসকলে অভিযোগ কৰা মতে, নৈখনৰ বানে বিভীষিকাৰ সৃষ্টি কৰা এসপ্তাহ অতিক্ৰম কৰাৰ পাচতো বিধায়ক গৰাকীয়ে অঞ্চলটোত ভৰি দিবলৈ সময় নাপালে ।

যোৱা 5 টা বছৰে কেৱল এটা বিশেষ সম্প্ৰদায়ৰ লোকক গুৰুত্ব দি অহাৰ বাহিৰে সমষ্টিটোৰ আন-আন সম্প্ৰদায়ৰ লোকক আওকাণ কৰা বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে যদি কেতিয়াবা সেই অঞ্চলত পদাৰ্পন কৰে, তেন্তে তেওঁক পহু খেদা দিব বুলি সকীয়নি প্ৰদান কৰে ভুক্তভোগী ৰাইজে ৷

ইয়াৰ লগতে অন্ন, বস্ত্ৰ, বাসস্থানৰ অভাৱত সীমাহীন দুখ-যন্ত্ৰণাৰে দিন অতিবাহিত কৰি অহা অঞ্চলটোৰ বানপীড়িত ৰাইজে পৰ্যাপ্ত বান সাহাৰ্য প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

লগতে পঢ়ক: সন্মুখত নিৰ্বাচনঃ শিবিৰ বিভক্ত আঞ্চলিকতাবাদে সহায় কৰিব কাক ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.