বিহপুৰীয়া,18 জানুৱাৰী: দেওবাৰে ব্যতিক্ৰম ৰূপত উদযাপিত হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস ৷ শিল্পী দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰৰ পথালিপাহাৰৰ দেৱব্ৰত কাকতিৰ বাসগৃহৰ চোতালত 'আলাপ সংলাপ আৰু অন্যান্য' শীৰ্ষক অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ ভোটা আৰু মাটিৰ চাকি জ্বলাই এক নান্দনিক পৰিৱেশৰ মাজত গীত-মাত,কবিতাৰে জীপাল হৈ পৰে অনুষ্ঠান ৷
তদুপৰি এই বিশেষ দিনটোতেই 'ৰুদ্ৰাক্ষ'ৰ প্ৰযোজনাত 'ঈশ্বৰ সন্ধানত' নামৰ নাটকখনৰো শুভ মহুৰত হৈ যায় আৰু দেৱব্ৰত কাকতিৰ পৰিচালনাত নিৰ্মিত 'বেহু' নামৰ চুটি ছবিখনো মুক্তি দিয়া হয় ৷ আনহাতে ঘৰৰ চোতালতে এনেদৰে এক ব্যতিক্ৰমী অনুষ্ঠানৰ আয়োজন কৰা দেৱব্ৰত কাকতিৰ কাৰ্যক শলাগ লয় উপস্থিত ৰাইজে ৷
লগতে পঢ়কঃ সমন্বয়ৰ পীঠস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাতেকীবড়ী থান