ETV Bharat / state

SBKF 8th international games : ডুবাইত চমক দেখুৱালে লখিমপুৰৰ মহিলাই, সোণৰ পদকেৰে সুনাম কঢ়িয়ালে দেশলৈ - Lakhimpur today news

লখিমপুৰৰ এগৰাকী দুৰন্ত মহিলাৰ বিদেশৰ মাটিত দপদপনি । লখিমপুৰৰ এগৰাকী ষাঠিৰোৰ্ধৰ মহিলা । বয়সে হাৰ মনাব নোৱাৰা মহিলাগৰাকীয়ে বিশ্বৰ 9 খন দেশৰ প্ৰতিযোগীক চেৰ পেলাই আঁজুৰি আনিবলৈ সক্ষম হ’ল তিনিটাকৈ সোণৰ পদক । তেওঁৰ নাম হ’ল শশী খাউণ্ড বৰা ৷

SBKF 8th international games in Dubai
ডুবাইত চমক দিলে লখিমপুৰৰ মহিলাই
author img

By

Published : Aug 12, 2023, 8:41 AM IST

ডুবাইত চমক দেখুৱালে লখিমপুৰৰ মহিলাই

লখিমপুৰ, 11আগষ্ট : ডুবাইত তিনিটাকৈ সোণৰ পদক বুটলিলে লখিমপুৰৰ শশী খাউণ্ড বৰাই । তিনিকুৰিৰ দেওনা পাৰ হৈয়ো বিদেশত দেখুৱালে চমক । বয়সৰ লেখেৰে বৰা 65 বছৰীয়া । লখিমপুৰ নগৰৰ চি ডি ৰোড নিবাসী শশী খাউণ্ড বৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ৷ বৰাই কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত অৱসৰী জীৱন কটালে ক্ৰীড়াৰ সৈতে ।

প্ৰথমে তেওঁ ৰাজ্যত গঠন কৰিলে মহিলা ক্ৰীড়া সন্থা । নিজে খেলাৰ লগতে আন দহ গৰাকী মহিলাকো তেওঁ উলিয়াই আনিবলৈ সক্ষম হ’ল ক্ৰীড়া ক্ষেত্রলৈ । নিজে ঢপলিয়াই ফুৰিলে দেশ-দেশান্তৰৰ ক্ৰীড়া ভূমিত । বহু দেশৰ ক্ৰীড়া ক্ষেত্রত এগৰাকী তৰুণীৰ দৰে খেলি বিশ্বৰ বিভিন্ন প্ৰতিযোগীক হৰুৱাই তেওঁ এই পৰ্যন্ত লাভ কৰিছে অসংখ্য সোণ-ৰূপ-ব্ৰঞ্জৰ পদক ।

শেহতীয়া কৈ বৰাই ডুবাইৰ ক্ৰীড়া ভূমিত চমক সৃষ্টি কৰি তিনিটাকৈ সোণৰ পদক আজুৰি আনিছে । উল্লেখ্য যে, ডুবাইত পাকিস্তান, শ্ৰীলংকা, নাইজেৰিয়া, নেপাল, ফিলিপাইনচ, থাইলেণ্ড আদি 9 খন দেশৰ খেলুৱৈসকলৰ মাজত যোৱা 1 আগষ্টৰ পৰা 6 আগষ্টলৈ বিশ্বমানৰ এখন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল । ডুবাই চৰকাৰৰ ইণ্টাৰনেচনেল স্পোর্টস কাউন্সিলে ইণ্ডোশ্ৰীৰ সহযোগত ইণ্টাৰনেচনেল ছেকেণ্ডাৰী স্কুল ষ্টেডিয়ামত 36 টাকৈ বিভিন্ন খেল অন্তর্ভুক্ত কৰি এই প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল ।

7-100 বছৰ বয়সৰ খেলুৱৈয়ে এই প্ৰতিযোগিতাৰ বিভিন্ন শাখাত অংশগ্রহণ কৰে । এই প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰি যোৱা দলটোৰ অন্যতম শশী খাউণ্ড বৰাই লং জাম্প আৰু ত্ৰিপ’ল জাম্পৰ লগতে 19 ছেকেণ্ডত এশ মিটাৰ দৌৰি তিনিটাকৈ সোণৰ পদক লাভ কৰে ৷ বিদেশৰ ক্ৰীড়াংগণত 9 খন দেশৰ প্ৰতিযোগিক চেৰ পেলাই তিনিটাকৈ সোণৰ পদক আঁজুৰি আনিলে বয়ষেও তলাব নোৱাৰা খেলুৱৈ শশী খাউণ্ড বৰাই ।

বৰাৰ এই সাফল্যই গৃহ জিলা লখিমপুৰত এতিয়া আনন্দৰ জোৱাৰ তুলিছে ৷

লগতে পঢ়ক : Plea Against Opposition Parties : INDIA বিতৰ্ক; ৰাজহুৱা স্বাৰ্থজনিত আৱেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.