ETV Bharat / state

Bihpuria erosion news:বিহপুৰীয়াত ডিক্ৰং নৈৰ ভয়াৱহ খহনীয়া

author img

By

Published : Jun 22, 2023, 8:00 PM IST

বান আৰু খহনীয়াত বিধ্বস্ত হৈ পৰিছে অসম ৷ নিজৰ ঘৰ-বাৰী এৰি বয়-বস্তু লৈ নিৰাপদ স্থানলৈ গতি কৰিছে গঞাই ৷

severe erosion of Dikrong River
ভয়াৱহ খহনীয়া
ভয়াৱহ খহনীয়াত ভীতিগ্ৰস্ত ৰাইজ

বিহপুৰীয়া, 22 জুন : আৰু কিমান দিন ? চৰকাৰ আহে আৰু যায়, কিন্তু অসমৰ বাবে প্ৰতিবছৰে থাকি যায় বানৰ সমস্যা ৷ এই প্ৰাকৃতিক দুৰ্যোগৰ আজিলৈকে কোনো এখন চৰকাৰে উলিয়াব নোৱাৰিলে স্থায়ী সমাধান ৷ খহনীয়া ৰোধৰ ক্ষেত্ৰতো বিশেষ সফল হোৱা নাই বৰ্তমানৰ চৰকাৰ ৷ বিহপুৰীয়াত ভয়াৱহ ৰূপ ধাৰণ কৰিছে ডিক্ৰং নৈয়ে । বানৰ সমান্তৰালভাৱে খহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ দঙিবিলত ডিক্ৰং নৈয়ে কালৰূপ ধাৰণ কৰি প্ৰায় দহটাকৈ পৰিয়ালক অঘৰী কৰে ।

ইতিমধ্যে নদীখনৰ গড়াত স্থানীয় লোকসকলে বাঁহৰ জেং, গছৰ ডাল আদি দি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰিছে । ইয়াৰ পিচতো কিন্তু ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগে নীৰৱে চাই ৰোৱাৰ বাহিৰে বৰ্তমানলৈকে কোনো ব্যৱস্থা হাতত লোৱা নাই ।

ইফালে খহনীয়াৰ পৰা নিজৰ আপোন ঘৰখন বচাবলৈ গৈ গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন যুৱক । আহত ঘনশ্যাম চেত্ৰী নামৰ যুৱকজনক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে । দঙিবিলৰ ৮০ নং শ’লমৰাত নদীখনৰ খহনীয়াই ধাৰণ কৰা ভয়ংকৰ ৰূপৰ ফলত বৃহত্তৰ বিহপুৰীয়া অঞ্চললৈকে বিপদঘণ্টা বাজিছে ।

বিহপুৰীয়া লালুক সংযোগী পুৰণি ডিক্ৰং ঘাটত দঙিবিল লালুক সংযোগী নিৰ্মীয়মান দলংখনৰ বাবেই আজি এই পৰিৱেশৰ সৃষ্টি হৈছে বুলি স্থানীয় ৰাইজে মত পোষণ কৰিছে । তেওঁলোকৰ অভিযোগ মতে দলংখন সঠিক স্থানত নিৰ্মাণ নোহোৱাৰ বাবেই নদীখনে সুঁতি সলনি কৰি এই খহনীয়াৰ সৃষ্টি কৰিছে । যদিহে জল সম্পদ বিভাগে অতি শীঘ্ৰে উক্ত স্থানত খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত নৈখনে বৃহত্তৰ দঙিবিল অঞ্চলত ব্যাপক ক্ষতি সাধন কৰাৰ আশংকা প্ৰকট হৈছে ৷

লগতে পঢ়ক : Flood in Assam: পহুমাৰা নদীৰ মথাউৰি ভাগিল পাঠশালাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.