বিহপুৰীয়া, 4 আগষ্ট: নাৰায়ণপুৰ-বিহপুৰীয়াত বিধ্বংসী ধুমুহাৰ তাণ্ডৱ ৷ ক’ৰণাৰ বিভীষিকাৰ মাজতে বুধবাৰে পুৱাই প্ৰকৃতিয়ে ল’লে ৰুদ্ৰ ৰূপ । বুধবাৰে পুৱাই অহা বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি কৰিলে নাৰায়ণপুৰ আৰু বিহপুৰীয়াৰ বিভিন্ন অঞ্চলত ।
![Storm in Narayanpur and Bihpuria](https://etvbharatimages.akamaized.net/etvbharat/prod-images/storminnarayanpurandbihpuriaasc10039_04082021100459_0408f_1628051699_657.jpg)
নাৰায়ণপুৰ চহৰ, মাধৱপুৰ, ধলপুৰৰ লগতে বিহপুৰীয়াৰো বহু অঞ্চলৰ ঘৰ-বাৰীৰ বিস্তৰ ক্ষতি সাধন হৈছে এই ধুমুহাত । 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে গছ বাগৰি পৰাত ব্যাহত হৈ পৰে যাতায়াত ৷ এই তাণ্ডৱৰ পিছতেই অঞ্চলটোত বিজুলী সংযোগ বৰ্তমানো বন্ধ হৈ আছে ।
বৰ্তমানো ধুমুহাত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে জানিব পৰা হোৱা নাই ৷
লগতে পঢ়ক:স্বৰ্ণৰ দিশে আগবাঢ়ি ব্ৰঞ্জত স্তব্ধ লাভলীনাৰ অলিম্পিক যাত্ৰা