ETV Bharat / state

Murder in Lakhimpur : ৰহস্যজনকভাৱে পথাৰত উদ্ধাৰ মৃতদেহ

author img

By

Published : May 28, 2022, 2:18 PM IST

পথাৰৰ মাজত ৫৫ বছৰীয়া লোকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্য লখিমপুৰত । লোকজনক হানি-খুঁচি হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজৰ (Sensational murder in Lakhimpur)। আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ।

Murder in Lakhimpur
ৰহস্যজনকভাৱে পথাৰত উদ্ধাৰ মৃতদেহ

লখিমপুৰ,২৮ মে': লখিমপুৰত চাঞ্চল্যকৰ ঘটনা । পথাৰৰ মাজত উদ্ধাৰ ৫৫ বছৰীয়া এগৰাকী লোকৰ মৃতদেহ (Body of 55 year old man found in Lakhimpur)। মৃত ব্যক্তিগৰাকী দিলীপ বৰা বুলি চিনাক্ত হৈছে ।

লখিমপুৰৰ চৰাইমৰীয়া যোৰহটীয়া গাঁৱৰ এই ঘটনা । লোকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে সমগ্ৰ অঞ্চলত তীব্ৰ উত্তেজনাই বিৰাজ কৰে । লোকজনৰ দেহৰ বহু স্থানত আঘাতৰ চিন স্পষ্ট । যাৰ বাবে লোকজনক হানি-খুঁচি হত্যা কৰাৰ সন্দেহ কৰিছে ৰাইজে (Sensational murder in Lakhimpur)।

লোকজনৰ পৰিয়ালে জনোৱা মতে শুকুৰবাৰে পুৱাই ৰাজহুৱা কামত তেওঁ ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু নিশা তেওঁ ঘৰলৈ উভতি নাহিল । পাছত পুৱাই ঘৰৰ পৰা প্ৰায় ৪০০ মিটাৰমান নিলগত পথাৰত পৰি থকা অৱস্থাত তেওঁৰ মৃতদেহটো উদ্ধাৰ হয় । পৰিয়ালৰ লোকে এইয়া হত্যাকাণ্ড বুলি দাবী কৰিছে ।

ৰহস্যজনকভাৱে পথাৰত উদ্ধাৰ মৃতদেহ

অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত প্ৰক্ৰিয়াও আৰম্ভ কৰিছে (Police started investigation of Lakhimpur murder case)। কিন্তু দিলীপ বৰাৰ মৃত্যু কেনেকৈ হ'ল ?

কোনেৱে লোকজনক হত্যা কৰিলে নে মৃত্যুৰ আঁৰত আন কোনো ৰহস্য আছে । ইয়াকে লৈ এতিয়া অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে এই ৰহস্য পোহৰলৈ আহিব বুলি আশা কৰিছে ৰাইজে ।

লগতে পঢ়ক :Minor raped in Diphu: নাবালিকাক ধৰ্ষণৰ অভিযোগত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.