ETV Bharat / state

Section 144 imposed in Lakhimpur: স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম লখিমপুৰ জিলা প্ৰশাসন - লখিমপুৰ জিলাত জাৰি কৰা হৈছে ভাৰতীয় ফৌজদাৰী কাৰ্য্য বিধিৰ ১৪৪ ধাৰা

সমাগত স্বাধীনতা দিৱস (75th Independence Day)। স্বাধীনতা দিৱসটি যাতে শান্তিপূৰ্ণভাৱে উদযাপিত হয় তাৰ বাবে যাবতীয় সকলো প্ৰস্তুতি হাতত লোৱা হৈছে । দুষ্কৃতিকাৰীয়ে যাতে স্বাধীনতা দিৱসত অশান্তি বিয়পাব নোৱাৰে তাৰ বাবে ৰাজ্যৰ অন্য জিলাৰ সমান্তৰালকৈ লখিমপুৰ জিলাতো জাৰি কৰা হৈছে ভাৰতীয় ফৌজদাৰী কাৰ্য্য বিধি আইনৰ অধীনত ১৪৪ ধাৰা।

Section 144 imposed in Lakhimpur
স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম লখিমপুৰ জিলা প্ৰশাসন
author img

By

Published : Aug 10, 2022, 4:06 PM IST

লখিমপুৰ, ১০ আগষ্ট: লখিমপুৰ জিলাত জাৰি কৰা হৈছে ভাৰতীয় ফৌজদাৰী কাৰ্য্য বিধি আইনৰ অধীনত ১৪৪ ধাৰা (Section 144 imposed in Lakhimpur) । স্বাধীনতা দিৱসত (75th Independence Day) জিলাখনত যাতে দুষ্কৃতিকাৰীয়ে কোনোধৰণৰ কূটাঘাট সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে । জিলা দণ্ডাধীশ সুমিত সাত্তাৱান স্বাক্ষৰিত নিৰ্দেশনাটোত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

নিৰ্দেশনাটোত প্ৰশাসনৰ অনুমতি অবিহনে ৰাজহুৱা স্থানত পাচজন বা অধিক লোকৰ সমাবেশ হোৱা, ৰাজহুৱা স্থানত লাঠি বা আগ্নেয়াস্ত নাইবা মানুহৰ জীৱনৰ প্ৰতি ভাবুকি আনিব পৰা সামগ্ৰী লগত ৰখা, প্ৰশাসনৰ অনুমতি অবিহনে মুকলি ঠাই, প্ৰেক্ষাগৃহ, সভা-সমাবেশ আদি আয়োজন কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা দণ্ডাধীশে ।

উল্লেখিত নিৰ্দেশনা মতে আন ধৰ্মৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব পৰা বক্তব্য ৰখা, আন ধৰ্মৰ ধৰ্মীয় স্থানত শোভাযাত্ৰা কৰা, শ্লোগান দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে । ৰাজহুৱা স্থানত পাচজন বা অধিক লোকৰ সমাবেশ নিষিদ্ধ কৰাৰ নিৰ্দেশনাটোত অৱশ্যে বজাৰ, খেলপথাৰ, ৰেলৱে ষ্টেচন, বাচ আস্থান, ব্যৱসায় অথবা বিবাহ আদিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব বুলি উল্লেখ কৰা হৈছে ।

ইতিমধ্যে এই নিৰ্দেশনা তৎকালীন ভাৱে সমগ্ৰ জিলাতে বলবৎ কৰা হৈছে ৷ পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত লখিমপুৰ জিলাত বাহাল থাকিব এই নীতি-নিৰ্দেশনা।

লগতে পঢ়ক: Har Ghar Tiranga: বাক্সাৰ মুছলপুৰত সমবায় সমিতিৰ সজাগতা সমদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.