বিহপুৰীয়া, 31 মে' : লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ ৷ 100 টকীয়া দলিল পেপাৰত 500 টকা পৰ্যন্ত লোৱাৰ অভিযোগ কাৰ্যালয়ৰ মহৰিৰ বিৰুদ্ধে ৷
লখিমপুৰ নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত একাংশ দুষ্ট লোকে ব্যাপক দুৰ্নীতিৰ কৰি থকা বুলি গুৰুতৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দলিল কাগজৰ নামত কাৰ্যালয়টোৰ ষ্টাম্প ভেণ্ডৰ ভূপেন দাসে ৰমৰমীয়া ব্যৱসায় চলাই অহা বুলি গুৰুতৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷ ভেণ্ডৰ জনে ১০০ টকীয়া দলিল দুশৰ পৰা পাঁচশ টকা লৈ বিক্ৰী কৰি অহা বুলি অভিযোগ কৰে ৷
ইতিমধ্যে তেনে এক ঘটনা পোহৰলৈ আহে গোপন কেমেৰাত আৱদ্ধ কৰা এটা ভিডিঅত ৷ জয়ন্ত বৰুৱা নামৰ লোক এজনে ভেণ্ডৰ ভূপেন দাসৰ পৰা এখন 100 টকীয় দলিল ক্ৰয় কৰিবলৈ গৈছিল কিন্তু ভেণ্ডৰ জনে 100 টকাৰ পৰিৱৰ্তে 200 টকা লয় ৷ ইতিমধ্যে উক্ত ঘটনোটো গোপন কেমেৰাত আৱদ্ধ কৰি সংবাদ মাধ্যৰ ওচৰত জয়ন্ত বৰুৱাই ঘটনাতো অৱগত কৰে ৷ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ভেণ্ডৰ ভূপেন দাসৰ কু-কীৰ্তিৰ ঘটনাই পোহৰলৈ আনিছে যে দীৰ্ঘদিনৰ পৰাই সৰ্বসাধাৰণ ৰাইজক একাংশ বিষয়া-কৰ্মচাৰীয়ে লুটি-পুটি খায় আহিছে ৷ অতি শীঘ্ৰে উক্ত ঘটনাৰ তদন্ত কৰি উচিত শাস্তি দিবলৈ ৰাইজে দাবী কৰিছে ৷
লগতে পঢ়ক-তিনিচুকীয়াত এজনৰ কৰ’ণাৰ প্ৰতিষেধক অৱিস্কাৰৰ দাবী !