ETV Bharat / state

Scam in PMGSY : পথ নিৰ্মাণত কোটিটকীয়া কেলেংকাৰী - Zero tolerance against corruption

নাওবৈচাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰচলা-ম’হঘুলিলৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণৰ নামত ঠিকাদাৰে ব্যাপক দুৰ্নীতি(Scam in PMGSY) সংঘটিত কৰাৰ অভিযোগ উঠিছে ৷ পথটোত নিৰ্মীয়মান অৱস্থাতে বখলা-বখলে এৰাইছে ব্লেক ট্ৰপিং ৷ ঠিকাদাৰ শিশুমণি দিহিঙিয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী ৰাইজৰ ৷

Scam in PMGSY
পথ নিৰ্মাণত কোটিটকীয়া কেলেংকাৰী
author img

By

Published : Nov 28, 2021, 9:07 PM IST

নাওবৈচা, 28 নৱেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা শূণ্য সহনশীল নীতিক(Zero tolerance against corruption) অংগুষ্ঠ প্ৰদৰ্শন কৰি লখিমপুৰ লোকনিৰ্মাণ বিভাগে চলাই গৈছে ভয়ানক দুৰ্নীতি । লখিমপুৰৰ লোকনিৰ্মাণ বিভাগৰ তত্বাৱধানত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ 3 কোটি 55 লাখ 300 টকাৰে নিৰ্মাণ কৰি থকা নাওবৈচাৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰচলা-ম’হঘূলি সংযোগী পথটোত ব্যাপক দুৰ্নীতি(Scam in PMGSY) সংঘটিত হোৱাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে ।

Scam in PMGSY
পথ নিৰ্মাণত কোটিটকীয়া কেলেংকাৰী

উক্ত পথটো নিৰ্মাণৰ আৰম্ভণিতেই অঞ্চলটোৰ কলাখোৱা গাঁৱৰ ৰাইজেই দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ কৰি ঠিকাদাৰ শিশুমণি দিহিংগীয়াক জৱাবদিহি কৰিছিল ৷ কিন্তু পুনৰ ঠিকাদাৰগৰাকীয়ে দুৰ্নীতি সংঘটিত কৰাত অঞ্চলবাসী জাঙুৰ খাই উঠিছে । ৰাইজে অভিযোগ কৰা মতে, দীৰ্ঘদিনে সুচল যাতায়তৰ পৰা বঞ্চিত অঞ্চলবাসীয়ে বহু আবেদন নিবেদনৰ কৰাৰ পাছত চৰকাৰে আৱন্টন দিয়া গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ আৰম্ভণিতে ঠিকাদাৰ শিশুমণি দিহিংগীয়াই ভয়ানক দুৰ্নীতি আশ্ৰয় লৈছে (Corruption in road construction) ।

প্ৰাককলন মতে, ঠিকাদাৰগৰাকীয়ে নিজ ইচ্ছা অনুসৰি পথটো দুয়োকাষৰ হাবি-জংঘল চাফা নকৰি, বাঁহ-গছৰ মূঢ়া ওপৰতে মাটি পেলোৱাৰ লগতে নিম্নমানৰ চেণ্ড গ্ৰেভেল ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে । তদুপৰি ঠিকাদাৰগৰাকীয়ে প্ৰাককলন মতে পথৰ দুয়োকাষ বহল নকৰাৰ লগতে বিভাগীয় বিষয়া-অভিযন্তা নথকাকৈ কাম কৰা আৰু বহল কৰা অংশত ভালকৈ ৰোলিং নকৰাৰো অভিযোগ কৰিছে ৰাইজে ।

পথ নিৰ্মাণত কোটিটকীয়া কেলেংকাৰী

প্ৰায় পঞ্চাশখন গাঁৱৰ অতি গুৰুত্বপূৰ্ণ পথটো নিৰ্মাণৰ আৰম্ভণিতে ঠিকাদাৰগৰাকীয়ে বিভাগীয় বিষয়া-অভিযন্তাৰে গোপন মিতিৰালি কৰি দুৰ্নীতি কৰি অহাৰো অভিযোগ কৰিছে স্থানীয় লোকে । বৰ্তমান পথটোৰ ব্লেক ট্ৰপিঙৰ কাম কৰি থকা হৈছে যদিও কাম সম্পূৰ্ণ নহওঁতেই বখালা বখলে ব্লেক ট্ৰপিং এৰাব ধৰিছে । উল্লেখ্য যে, ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বৰচলা হৈ ম’হঘূলিলৈ যোৱা ছয় কিলোমিটাৰৰ পথটো নিৰ্মাণৰ বাবে প্ৰায় ৩৫৫.৩১১ লাখ টকা আৱন্টন কৰা হৈছিল ৷

পি এম জি এছ ৱাই আঁচনিৰ অধীনত পথটো পকীকৰণ আৰু দুয়োকাষে ডেৰ মিটাৰকৈ বহল কৰাৰ বাবে অনুমোদন লাভ কৰা ঠিকাদাৰ শিশুমণি দিহিঙিয়াই ভয়ানক দুৰ্নীতিৰে আৱন্টিত বৃহৎ অংকৰ পুঁজি বিভাগীয় বিষয়া-অভিযন্তাই মিলি আত্মসাৎ কৰাৰ অভিযোগ কৰিছে স্থানীয় লোকে ৷ অঞ্চলটোৰ ৰাইজে পথটোত নিৰ্মাণত সংঘটিত কৰা দুৰ্নীতিৰ বিৰুদ্ধে ঠিকাদাৰগৰাকীৰ ওপৰত নিৰপেক্ষ তদন্ত জৰিয়তে উচিত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে ।

লগতে পঢ়ক : Scam in Road consturciton : লাহোৱালত অভিযন্তা-ঠিকাদাৰক ঘেৰাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.