ETV Bharat / state

শংকৰী ধৰ্ম-সংস্কৃতিক বিকৃতকৰণৰ অভিযোগ সত্ৰ মহাসভাৰ - খ্ৰীষ্টান ধৰ্মগুৰু যীশু

শংকৰী ধৰ্ম-সংস্কৃতিক অপমান আৰু বিকৃত কৰাৰ অভিযোগ মৰাণস্থিত ‘জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱন’ত ৷ শংকৰী ধৰ্ম-সংস্কৃতিক অপমান কৰাৰ অভিযোগ ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰৰ দাবীত এজাহাৰ দাখিল অসম সত্ৰ মহাসভাৰ সমন্বিত যুৱসতীৰ্থৰ লখিমপুৰ জিলা সমিতিৰ ৷

Satra mahasabha fir submission against Ranjan chutiya
শংকৰী ধৰ্ম-সংস্কৃতিক বিকৃতকৰণৰ অভিযোগ
author img

By

Published : Jul 29, 2021, 10:25 AM IST

বিহপুৰীয়া,29 জুলাই : পুনৰ গুৰুজনাক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ মৰাণৰ পাচত এইবাৰ বিহপুৰীয়াৰ অসম সত্ৰ মহাসভাৰ সমন্বিত যুৱসতীৰ্থ সকলে এই অভিযোগ উত্থাপিত কৰিছে ৷ অভিযোগৰ আঙুলি উঠিছে ৰঞ্জন চুতীয়া নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ৷

ডিব্ৰুগড় জিলাৰ মৰাণস্থিত ‘জগতৰ ৰোগী সুস্থকাৰী প্ৰাৰ্থনা ভৱন’ত মহাপুৰুষ গুৰু দুজনাৰ অনবদ্য অৱদান যেনে বাদ্য, গীত-পদ, ঘোষা, সুৰ আদিৰ বিকৃতকৰণ কৰাৰ অভিযোগ ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে ৷ অভিযোগ অনুসৰি, মহাপুৰুষ গুৰু দুজনাৰ সৃষ্টিক বিকৃতকৰণ কৰি খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি আহিছে ৰঞ্জন চুতীয়া ৷ বহু বাৰ বিভিন্ন সভা-সমিতিয়ে এনে অপকৰ্ম নকৰিবলৈ ৰঞ্জন চুতীয়াক সকীয়নিও প্ৰদান কৰা হৈছিল ৷

শংকৰী ধৰ্ম-সংস্কৃতিক বিকৃতকৰণৰ অভিযোগ

বিভিন্ন সময়ত বিভিন্ন মহলে এই সন্দৰ্ভত প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিছিল ৷

কিন্তু কাৰো কথাই গা লৰাব পৰা নাছিল অভিযুক্ত ৰঞ্জন চুতীয়াৰ ৷ অৱশেষত বুধবাৰে বিহপুৰীয়া থানাত অসম সত্ৰ মহাসভাৰ সমন্বিত যুৱসতীৰ্থৰ লখিমপুৰ জিলা সমিতিয়ে ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ । লগতে অসম সত্ৰ মহাসভাৰ সমন্বিত যুৱসতীৰ্থৰ লখিমপুৰ জিলা সমিতিৰ সম্পাদক মানস প্ৰতিম গোস্বামীয়ে এনে কাৰ্যক অতি গৰ্হিত কাৰ্য বুলি আখ্যা দিয়ে ৷ অসম সত্ৰ মহাসভাৰ সমন্বিত যুৱসতীৰ্থৰ দাবী অতি শীৰ্ঘ্ৰেই ৰঞ্জন চুতীয়াক গ্ৰেপ্তাৰ কৰক আৰু উচিত শাস্তিৰ প্ৰদান কৰক ৷

অসম সত্ৰ মহাসভাৰ সমন্বিত যুৱসতীৰ্থই অভিযোগ কৰা মতে, অসমীয়া জাতীয় সাজ পৰিধান কৰি গাইছে খ্ৰীষ্টান ধৰ্মগুৰু যীশুৰ জয়গান । গুৰুজনাই ঈশ্বৰ উপাসনাৰ বাবে নিজা সৃষ্ট দেৱবাদ্য খোল, তাল, নাগাৰা, শংখ ব্যৱহাৰ কৰি এক শৰণ হৰি নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল ৷ কিন্তু ইয়াৰ বিপৰীতে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে যীশুৰ আৰাধনা গীতত এই বাদ্যসমূহ ব্যৱহাৰ কৰাতো সকলোৰে দৃষ্টিগোচৰ হৈছে । গুৰুজনাৰ পবিত্ৰ সৃষ্টি ৰাজি ব্যৱহাৰ কৰি একাংশ খ্ৰীষ্টান ধৰ্মৰ লোকে ধৰ্ম প্ৰচাৰ চলাবলৈ যোৱা বিষয়টোৱে গুৰুজনাক অপমান কৰাৰ লগতে অসমীয়া জাতীয় জীৱনক চৰম অপমান কৰা বুলি ইতিমধ্যে বহুলোকে মত প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: গুৰুজনাৰ অপমান মানি লোৱা নহ'ব : কমলাকান্ত গগৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.