ETV Bharat / state

ৰাজ্য চৰকাৰৰ সিদ্ধান্তই হতাশ কৰিছে সংস্কৃত টোলৰ শিক্ষকক

সংস্কৃত টোল সমূহক হাইস্কুল পৰ্যায়লৈ উন্নীত কৰাৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰিলে লখিমপুৰ জিলাৰ দুখন সংস্কৃত টোলৰ শিক্ষকে ৷

author img

By

Published : Feb 14, 2020, 11:03 AM IST

sanskrit toll teachers are not satisfied with government decision
ৰাজ্য চৰকাৰৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ সংস্কৃত টোলৰ শিক্ষকৰ

লখিমপুৰ , 14 ফেব্ৰুৱাৰীঃ ৰাজ্যৰ শিক্ষা বিভাগত সংস্কাৰৰ প্ৰচেষ্টা অসম চৰকাৰৰ ৷ শিক্ষামন্ত্ৰীয়ে গ্ৰহণ কৰিলে ডাঙৰ সিদ্ধান্ত ৷ মাদ্ৰাছা সমূহৰ লগতে বন্ধ কৰা হ’ব সংস্কৃত টোল সমূহ ৷ গুৰুকুল শিক্ষা পদ্ধতিৰ দ্বাৰা পৰিচালিত সংস্কৃত টোল সমূহ উন্নীতকৰণ কৰা হ’ব হাইস্কুল পৰ্যায়লৈ ৷ শিক্ষা মন্ত্ৰীৰ ঘোষণা, ধৰ্মৰ ভিত্তিত নচলিব বিদ্যালয় , মহাবিদ্যালয় ৷ ৰাজ্য চৰকাৰৰ এই ঘোষণাৰ পাছতেই হতাশ হৈছে ৰাজ্যৰ বহু অঞ্চলৰ সংস্কৃত টোলৰ শিক্ষক শিক্ষয়িত্ৰী ৷ মূৰত সৰগ ভাগি পৰিছে নিয়মীয়াকৰণৰ বাবে চৰকাৰলৈ আশাৰে বাট চাই থকা ৰাজ্যৰ বহু অ-প্ৰাদেশিকৃত সংস্কৃত টোলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ৷ অনুৰূপ পৰিবেশ বিৰাজ কৰিছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অপাদেশিকৃত মাধৱ লীলাকান্ত চতুষ্পাৰ্ঠীত ৷ পাঁচ গৰাকী শিক্ষকেৰে পৰিচালিত টোলখনৰ প্ৰাদেশীকৰণৰ বাবে শিক্ষকসকলে আশাৰে বাট চাই আছিল ৷ কিন্তু ১৯৯৫ চনতে স্থাপিত টোলখনে ২০০০ চনত চৰকাৰী স্বীকৃতি লাভ কৰাৰ পাছত কেইবাবাবো চৰকাৰী অনুদান লাভ কৰাৰ পাছত এতিয়া বন্ধ হোৱাৰ আশংকাত ভুগি হতচকিত হৈ পৰিছে অধ্যাপকসকল ৷ নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত অৱস্থিত টোলখনৰ যাৱতীয় সকলো সুবিধা উপলব্ধ যদিও আজিপৰ্য্যন্ত চৰকাৰীকৰণ হোৱা নাছিল ৷

আনহাতে নাৰায়ণপুৰৰ আনখন চৰকাৰী সংস্কৃত টোল ১৯৪৪ চনতে স্থাপিত লক্ষ্মীনাৰায়ণ চতুষ্পাঠী টোলৰ অধ্যাপক সকলে চৰকাৰৰ কঠোৰ সিদ্ধান্তত অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে এই সিদ্ধান্তত গুৰুকুল শিক্ষা ব্যৱস্থাৰ জৰিয়তে পৰিচালিত সংস্কৃত শিক্ষা বিলুপ্তি হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ চৰকাৰে বিগত দিনত সংস্কৃত টোলসমুহক লৈ কোনো গুৰুত্ব নিদিয়াৰ পৰিণতিত টোলৰ শিক্ষা ব্যৱস্থা অৱনমিত হোৱাৰ সময়ত উন্নতিৰ চিন্তা কৰাৰ বিপৰীতে ক্লাচিকেল শিক্ষা ব্যৱস্থাটোক নিম্নগামী কৰি মাদ্ৰাছাৰ লগত তুলনা কৰা ঘটনাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে অধ্যাপকসকলে ৷

লগতে পঢ়কঃনাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ কাষ চাপিছে অসম সংগ্ৰামী মঞ্চ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.