ETV Bharat / state

নাওবৈচাত বন্ধ গ্ৰাম্য চিকিৎসালয়ঃ কাণসাৰ নাই স্বাস্থ্য বিভাগৰ - স্বাস্থ্য বিভাগ

ফুটুকাৰ ফেনত পৰিণত স্বাস্থ্য বিভাগৰ আমূল পৰিৱৰ্তনৰ লক্ষ্য ৷ বিয়াগোম স্বাস্থ্য বিভাগৰ দ্বায়িত্বহীনতা আৰু অমনোযোগিতাৰ বাবে প্ৰায় 10বছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ফুলবাৰী দহখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন বৰ্তমান চিকিৎসক,নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ অভাৱত যোৱা এটা বছৰে বন্ধ হৈ আছে ৷

Rural Hospital closed in Nowboicha
নাওবৈচাত বন্ধ গ্ৰাম্য চিকিৎসালয়ঃকাণসাৰ নাই স্বাস্থ্য বিভাগৰ
author img

By

Published : Jan 5, 2021, 2:23 PM IST

নাওবৈচা,৫জানুৱাৰীঃপৰিৱৰ্তনৰ শ্ল'গানেৰে শাসনৰ বাঘজৰী হাতত লোৱা বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ শেহতীয়া কাম-কাজে চৰকাৰৰ ফোঁপোলা স্বৰূপটোকে প্ৰতিপ্রন্ন কৰিছে । অসম চৰকাৰৰ বিয়াগোম স্বাস্থ্য বিভাগৰ দ্বায়িত্বহীনতা আৰু অমনোযোগিতাৰ বাবে চৰকাৰী সুলভ স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আহিছে নাওবৈচাৰ এটা বৃহৎ অঞ্চল । নাওবৈচা সীমান্তৱৰ্তী বৃহত্তৰ ফুলবাৰী অঞ্চলক সামৰি প্ৰায় 10বছৰ পূৰ্বে সম্পূৰ্ণ হোৱা ফুলবাৰী দহখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয়খন বৰ্তমান চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য কৰ্মীৰ অভাৱত যোৱা এটা বছৰে বন্ধ হৈ আছে ৷ যাৰ বাবে বৃহত্তৰ অঞ্চলটোৰ ৰোগীসকলে হাহাকাৰ কৰি থাকিবলগীয়া হৈছে ।

নাওবৈচাত বন্ধ গ্ৰাম্য চিকিৎসালয়ঃকাণসাৰ নাই স্বাস্থ্য বিভাগৰ

জানিব পৰা মতে,বৃহত্তৰ ফুলবাৰী তথা ১৫/২০খন ৰাজহ গাঁৱক সামৰি ২০১৪ চনতে চিকিৎসালয়খন স্থাপন কৰা হৈছিল । গ্ৰাম্য তথা ভিতৰুৱা অঞ্চলত স্থাপন কৰা চিকিৎসালয়খনে চহা গাঁৱলীয়া লোকসকলক কিছু সকাহ দিব বুলি সকলো উৎফুল্লিত হৈছিল যদিও যোৱা এটা বছৰে চিকিৎসক, নাৰ্চৰ অভাৱত চিকিৎসালয়খন বন্ধ হৈ থকাত স্থানীয় ৰাইজ আৰু দল-সংগঠনে চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে । গ্ৰাম্য চিকিৎসালয়খন আটকধুনীয়াকৈ সজাই তোলাৰ লগতে প্ৰয়োজনীয় সা-সুবিধা থকাৰ পাছতো কেৱল চিকিৎসক-কৰ্মচাৰীৰ অভাৱত বন্ধ কৰি ৰাখিবলগীয়া হোৱাত অঞ্চলটোৰ ৰোগীসকলে প্ৰায় ৩০/৪০কিলোমিটাৰ দূৰৈৰ লখিমপুৰ চিকিৎসালয়লৈ যাবলগীয়া হয় । সেয়েহে অঞ্চলটোৰ ৰাইজে অসম চৰকাৰ তথা স্বাস্থ্য বিভাগক অতি শীঘ্ৰে চিকিৎসালয়খনত চিকিৎসক-নাৰ্চক নিযুক্তি দি নূন্যতম সা-সুবিধা দিবলৈও দাবী জনাইছে ৷

লগতে পঢ়কঃ গুৱাহাটীৰ বিখ্যাত গগৈ পৰ্ক আৰু ইয়াৰ আঁৰৰ ব্যক্তিজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.