ETV Bharat / state

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰূপে নিযুক্ত ৰুক্ম গোঁহাঞিবৰুৱা - অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰূপে নিয়োগ কৰা হৈছে লখিমপুৰৰ ৰুক্ম গোহাঁঞিবৰুৱাক । যাৰ বাবে জিলা খনত বৈছে আনন্দৰ লহৰ ।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰূপে নিযুক্ত লখিমপুৰৰ ৰুক্ম গোহাঁঞিবৰুৱা

author img

By

Published : May 27, 2021, 8:59 AM IST

লখিমপুৰ,27 মে’: লখিমপুৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰুক্ম গোঁহাঞিবৰুৱাক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰূপে নিয়োগ কৰা হৈছে ৷ যাৰ বাবে আনন্দিত এতিয়া লখিমপুবাসী । লখিমপুৰ নগৰৰ নকাৰী নিবাসী নৱ নিযুক্ত অধ্যক্ষ গোঁহাঞিবৰুৱা হৈছে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোঁহাঞিবৰুৱাৰ নাতি । তেওঁ 2011 চনৰ পৰা লখিমপুৰ স্নাতকোত্তৰ প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে কাম কৰি আহিছে ।

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰূপে নিযুক্ত লখিমপুৰৰ ৰুক্ম গোঁহাঞিবৰুৱা

শিক্ষাবিদ ৰুক্ম গোঁহাঞিবৰুৱাৰ পদোন্নতিৰ বাবে গৌৰৱান্দিত লখিমপুৰৰ ৰাইজ ৷ আনহাতে, বুধবাৰে তেওঁক লখিমপুৰৰ বিভিন্ন দল, সংগঠন তথা অসংখ্য গুণমুগ্ধই শুভেচ্ছা জ্ঞাপন কৰে । শিক্ষা ক্ষেত্ৰৰ উপৰি বিভিন্ন সামাজিক অনুষ্ঠান আৰু কাম কাজৰ সৈতেও দীৰ্ঘ দিন জড়িত হৈ আছে গোঁহাঞিবৰুৱা । উচ্চতৰ মাধ্যমিকৰ বেমেজালি পূৰ্ণ পৰীক্ষা পদ্ধতি নিকা কৰাৰ পণ নৱ নিযুক্ত অধ্যক্ষ গৰাকীৰ । এয়া তেওঁৰ জীৱনৰ অন্যতম ব্ৰত হ’ব বুলি সাংবাদিকৰ আগত সদৰি কৰে শিক্ষাবিদ গৰাকীয়ে ।

লগতে পঢ়ক: 24 ঘণ্টাত স্বাস্থ্যৰ অধিক অৱনতি বিশিষ্ট সাহিত্যিক ড৹ লক্ষ্মীনন্দন বৰাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.