লখিমপুৰ, ২৮ মে': ইতিমধ্যে য়াছৰ ফলত যথেষ্ট পৰিমাণে প্ৰভাৱান্বিত হৈছে পশ্চিমবংগ আৰু ওড়িশা । সাগৰীয় ঘূৰ্ণী য়াছে একপ্ৰকাৰ উপকূলীয় অঞ্চলৰ লোকৰ বাবে তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে । ইয়াৰ মাজতে বাৰিষা অহাৰ লগে লগে এতিয়া চিন্তিত অসমৰ কিছু কিছু অঞ্চলৰ ৰাইজ । বিশেষকৈ অসমৰ লখিমপুৰ জিলাৰ ৰাইজৰ বাবে আন এক চিন্তা ৰঙানদীৰ বান্ধ ।
প্ৰতিবছৰে ৰঙানদীৰ বান্ধ খুলি দিয়াৰ ফলত বহু ঠাই বানৰ কৱলত পৰে । লখিমপুৰৰ বৃহৎ অঞ্চল ইয়াৰ ফলত যথেষ্ট পৰিমাণে ক্ষতিগ্ৰস্ত হয় । বৃহস্পতিবাৰে পুনৰ ৰঙানদী প্ৰকল্পই পানী এৰি দিলে । লগে লগে বলিয়া ৰূপ ধাৰণ কৰিছে ৰঙানদীয়ে । ফেনে ফোটোকাৰে ওফন্দি উঠিছে নদীৰ জলপৃষ্ঠ । যাৰ বাবে নদীয়ে পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ আশংকা কৰিছে স্থানীয় ৰাইজে । কেৱল এয়াই নহয় চিন্তাত টোপনি নোহোৱাৰ উপক্ৰম হৈছে ৰাইজৰ ।