ETV Bharat / state

Lakhimpur village transport condition:২৫ বছৰে ৰাস্তাত নপৰিল এটাও শিল, অৱশেষত ৰাইজ ওলাল পথলৈ - পথ

চৌদিশে কেৱল উন্নয়নৰ শ্ল’গান । পিছে তাৰ বাস্তৱ ছবিখন ওলোটা । লখিমপুৰ জিলাৰ সমীপতে আছে এনে এক অঞ্চল য’ত ২৫ বছৰেও পথত শিলগুটি এটাও পৰা নাই । চৌদিশে কেৱল বিধ্বস্ত অৱস্থা । যাৰ বাবে শুকুৰবাৰে পথলৈ ওলাল অঞ্চলবাসী । বিধায়কৰ বিৰুদ্ধে তীব্র ক্ষোভ উজাৰি দিলে ভোট বৰ্জনৰ হুংকাৰ ।

road and bridge of a village in lakhimpur has not been constructed
বিধ্বস্ত ৰাস্তা দলং
author img

By

Published : Jul 28, 2023, 7:52 PM IST

বিধ্বস্ত ৰাস্তা দলং

লখিমপুৰ, ২৮ জুলাই : লখিমপুৰ নগৰৰ সমীপৰ এটা অঞ্চলত ২৫ বছৰে মেৰামতি নহ’ল পথ । নাই দলং নাই বিদ্যুতৰ খুঁটা । বঞ্চিত ৰাইজৰ তীব্র প্রতিবাদ ৷ লখিমপুৰ জিলাৰ পৰা মাথো পাঁচ কিলোমিটাৰ মান নিলগতে আছে দুই নং শংকৰ পুৰ এক নং ৰঙাজান দুই নং ৰঙাজান আদি গাঁৱেৰে সামৰা এক বৃহৎ অঞ্চল ।

মূল পথৰ পৰা এই গাঁওসমূহ সংযোগ কৰা পথটো বিগত ২৫ বছৰে এবাৰো মেৰামতি নহ’ল । ফলত দ গাঁতৰ বোকা পানীৰে ভৰি পৰিছে পথটো । কেৱল ইমানেই নহয় । পথটোত থকা সোমদিৰি নৈৰ ওপৰতো নাই দলং । দুবছৰ মানৰ আগতে নৈ খনৰ ওপৰত দুফুটমান বহল এখন সাঁকো সদৃশ ফুট ব্ৰীজ নিৰ্মাণ কৰি ৰাইজে কোনোমতে যাতায়াত অব্যাহত ৰাখিছে ।

ভয়ংকৰ কথাটো হ’ল এই ফুট ব্ৰীজেৰে নৈ খন পাৰ হোৱাৰ সময়ত বহুকেইটা দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে । বিশেষকৈ কণ কণ ছাত্র-ছাত্রী নৈত পৰি যোৱা কেইবাটাও ঘটনা ঘটিছে । এগৰাকী কিশোৰীৰ মৃত্যু ও ঘটিছে । বিধ্বস্ত পথেৰে বোকা পানী গছকি ৰাইজে যাতনা ভূগিবলগীয়া হৈছে । কণ কণ ছাত্র-ছাত্রীয়ে বোকা পানী গছকি বিদ্যালয়লৈ অহা-যোৱা কৰিব লগীয়া হৈছে । অঞ্চলটোত এনে দু:খজনক দৃশ্য দুই দশকৰো আগৰে পৰা চলি আহিছে ।

বিগত নিৰ্বাচনৰ পূৰ্বে বিধায়ক মানৱ ডেকা সাংসদ প্ৰদান বৰুৱাক এই অঞ্চলৰ ৰাইজে মাতি নি অঞ্চলটোৰ দুৰ্দশা দেখুৱাইছিল । তেওঁলোকও প্ৰতিশ্ৰুতি দিছিল । পিছে এই সকলোবোৰ অথলে গ’ল । প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰ’ল । ৰাইজৰ যাতনা তেনেদৰেই ৰ’ল । অৱশেষত ধৈর্যচ্যুতি ঘটিল অঞ্চলটোৰ ৰাইজৰ ।

শুকুৰবাৰে অঞ্চলটোৰ ক্ষুদ্ধ ৰাইজে পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে । বিশেষকৈ বিধায়ক মানৱ ডেকাৰ ওপৰত ক্ষোভ উজাৰে ৰাইজে । আমাক ৰাস্তা লাগিবই, আমাক দলং লাগিবই, বিধায়ক মানৱ ডেকা মুৰ্দাবাদ আদি শ্ল’গান দি ৰাইজে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । তৎকালীনভাৱে অঞ্চলটোৰ পথৰ উন্নয়ন আৰু দলং নিৰ্মাণ নকৰিলে ৰাইজে ভোট বৰ্জন কৰিব বুলিও হুংকাৰ দিয়ে ।

লগতে পঢ়ক : Poor road condition in Narayanpur: ১০৮ সেৱাৰ বাহন যাব নোৱাৰা নাৰায়ণপুৰৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.