লখিমপুৰ, ১০ আগষ্ট: লখিমপুৰৰ লালুকত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident) ৷ লালুকৰ ১২ মাইলৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে বিয়লি এক পথ দুৰ্ঘটনাৰ সংঘটিত হয় (Road Accident in Lakhimpur) ৷ এখন তীব্ৰ বেগী ছুইফট ডিজায়াৰ বাহনে দুগৰাকী মহিলাক মহটিয়াই নি পুখুৰীত বাগৰি পৰে ৷
১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত AS 07 Q 4314 নম্বৰৰ বান্দৰদেৱা অভিমুখী ছুইফট ডিজায়াৰখনে নিয়ন্ত্ৰণ হেৰুৱাই পথচাৰী দুগৰাকীক মহিলাক খুন্দিয়াই পথৰ কাষৰ দ পুখুৰীত বাগৰি পৰে । দুৰ্ঘটনাটোত পথচাৰী দুগৰাকী মহিলা আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাহনখনৰ চালকজনো আঘাপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে (3 injured in road accident)৷
আহত সকলক ততাতৈয়াকৈ চিকিৎসাধীন কৰা হৈছে ৷ ইতিমধ্যে দুৰ্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আঘাপ্ৰাপ্তসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে ঘটনাটোৰ সন্দৰ্ভত অনুসন্ধান চলাইছে ৷
লগতে পঢ়ক: Erosion in Assam: খহনীয়াই নোহোৱা কৰিলে ৰাজ্যৰ ২৫০০ খনকৈ গাঁও