ETV Bharat / state

নাওবৈচাৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃথিতাতে নিহত 3 যুৱক

বুধবাৰে পুৱা নাওবৈচা ৰাজহ চক্ৰৰ চিলনীবাৰী আৰক্ষী চকীৰ অধীনস্থ ৰামপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় তিনি যুৱক ৷ ডাম্পাৰে তিনিও যুৱকসহ বাইক মহটিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় তিনিও বাইক আৰোহী ৷

author img

By

Published : Dec 9, 2020, 2:31 PM IST

road-accident-at-nowboicha
নাওবৈচাৰ ৰামপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাঃথিতাতে নিহত 3যুৱক

নাওবৈচা,9 ডিচেম্বৰঃ বুধবাৰে পুৱা নাওবৈচা ৰাজহ চক্ৰৰ চিলনীবাৰী আৰক্ষী চকীৰ অধীনস্থ ৰামপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় তিনিজনকৈ যুৱক ৷ দুৰ্ঘটনাটোত নিহত তিনি যুৱক বিলগঁড় গাঁৱৰ ক্ৰমে চাজাহান আলি(১৮), জেহেৰুল ইছলাম(১৬) আৰু নিজাম আলি(১৫) বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, AR01A-19-1955 নম্বৰৰ একেখন বাইকেৰে তিনিও যুৱক গৈ থকা অৱস্থাত ৰামপুৰত এখন ডাম্পাৰেৰে সংঘৰ্ষ হয় ৷ ডাম্পাৰে তিনিও যুৱকসহ বাইক মহটিয়াই নিয়াৰ ফলত থিতাতে নিহত হয় তিনিও বাইক আৰোহী ৷

ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ডাম্পাৰসহ চালক ৷ আনহাতে এই ঘটনাৰ পিছতে ডাম্পাৰখন জব্দ কৰাৰ দাবীৰে স্থানীয় ৰাইজে পহুমৰা-কিমিন সংযোগী গড়কাপ্তানি পথ অৱৰোধ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। উল্লেখযোগ্য যে, অঞ্চলটোত দীৰ্ঘ দিন ধৰি অবৈধ কুৱেৰীৰ পৰা বালি -বল্ডাৰ কঢ়িয়াই অনা ডাম্পাৰসমূহে দৌৰাত্ম চলাই আহিছে ৷

লগতে পঢ়কঃ পুলৱামাত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত প্ৰচণ্ড গুলিয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.