ETV Bharat / state

ঘূনাসূঁতিৰে কি সম্পৰ্ক লখিমপুৰ জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ?

author img

By

Published : Jul 24, 2021, 11:39 AM IST

অসম বিধানসভাৰ বাজেট অধিৱেশনত এটা বিশেষ প্ৰসংগই স্থান পোৱাৰ পাছতে চৰ্চালৈ আহিছে লখিমপুৰ জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৷ এই কাৰ্যালয়টোৰ সতে ঘূনাসূঁতিৰ আছে এক ঐতিহাসিক সম্পৰ্ক ৷ কিন্তু কি এই সম্পৰ্ক ?

revenue-circle-office-of-lakhimpur-is-in-limelight
ঘূনাসূতিৰে কি সম্পৰ্ক লখিমপুৰ জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ?

লখিমপুৰ, 24 জুলাই : চৰ্চাত লখিমপুৰ জিলাৰ ঘাগৰ নদীৰ ওপৰত দলং নিৰ্মাণৰ প্ৰসংগ ৷ চলিত বাজেট অধিৱেশনত লখিমপুৰক-ঘূনাসূঁতিৰ সতে সংযোগ কৰি এখন দলং নিৰ্মাণৰ সিদ্ধান্ত ৰাজ্য চৰকাৰে গ্ৰহণ কৰাৰ পাছতে বিষয়টোৱে লাভ কৰিছে বিশেষ চৰ্চা ৷ সমান্তৰালকৈ চৰ্চালৈ আহিছে লখিমপুৰ জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো ৷ কিয়নো এই কাৰ্যালয়টোত কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে মিচিং সমাজৰ জীৱনক আলোকপাত কৰি তথা ঘূনাসূঁতিক পটভূমি হিচাপে লৈ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে লিখি উলিয়াইছিল কালজয়ী উপন্যাস মিৰি জীয়ৰী ৷

এই দলংখন নিৰ্মাণ হ’লে তাহানিতে উপন্যাসৰ পাতত ৰজনীকান্ত বৰদলৈয়ে চিনাকি কৰি যোৱা জংকি-পানেইৰ দেশৰূপে খ্যাত ঐতিহাসিক ঘূনাসূঁতিয়ে পুনৰাই ন-সাজত চিনাকি লাভ কৰিব বুলি উৎফুল্লিত হৈ পৰিছে লখিমপুৰবাসীৰ লগতে ঘূনাসূঁতিবাসী ৰাইজ ৷ দলংখন নিৰ্মাণ হ’লে অচিৰেই যেন ওৰ পৰিব ঘূনাসূঁতিবাসীৰ মৰ্মবেদনা ৷ উল্লেখ্য যে, 1892 চনত এই কাৰ্যালয়টোত উপ-পতি সমাহৰ্তাৰূপে যোগদান কৰিছিল উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে ৷ উক্ত সময়ছোৱাত মিচিং সমাজৰ ধৰ্মীয় দিশক আলোকপাত কৰি এটা প্ৰৱন্ধ যুগুত কৰি দিবলৈ ৰজনীকান্ত বৰদলৈক নিৰ্দেশ দিছিল ব্ৰিটিছ গেইট চাহাবে ৷

উক্ত প্ৰৱন্ধৰ তথ্য আহৰণৰ সময়ত ৰজনীকান্ত বৰদলৈয়ে গভীৰভাৱে মিচিং সমাজখনক অধ্যয়ন কৰিছিল ৷ তাৰেই ফলশ্ৰুতিত ৰচনা হৈছিল জংকি-পানেইৰ নিটোল প্ৰেমগাঁথাৰ কালজয়ী উপন্যাস মিৰি জীয়ৰী ৷ 1895 চনত প্ৰকাশ পোৱা উপন্যাস মিৰি জীয়ৰীৰ পাতত বৰ্ণনা হোৱা সেই ঐতিহাসিক ঘূনাসূঁতিয়ে দলংখন নিৰ্মাণৰ পিছত পুনৰাই ন-সাজত চিনাকি লাভ কৰিব ৷

ঘূনাসূঁতিয়ে ন-ৰূপ ধাৰণ কৰিবলৈ সাজোন-কাচোন কৰাৰ সময়তে তাহানিতে উপন্যাসৰ জৰিয়তে ঘূনাসূঁতিক পৰিচয় কৰাই দিয়া উপন্যাস সম্ৰাটগৰাকীৰ নাম আৰু তেওঁ কাৰ্যনিৰ্বাহ কৰা কাৰ্যালয়টোৰ নাম এতিয়া ৰাইজৰ মুখত সঘনে উচ্চাৰিত হৈছে ৷ লগতে দলং নিৰ্মাণৰ এই সন্ধিক্ষণত উপন্যাস সম্ৰাট গৰাকীৰ স্মৃতি বিজড়িত এই কাৰ্যালয়টো এতিয়া কেৱল চৰ্চাৰ বিষয় হোৱাই নহয় আকৰ্ষণৰো কেন্দ্ৰ বিন্দু হৈ পৰিছে ৷ দলংখন সম্পূৰ্ণ হ’লে যোগাযোগৰ ক্ষেত্ৰত ঘূনাসূঁতিবাসীয়ে দীৰ্ঘদিনৰ পৰা সন্মুখীন হোৱা সমস্যাবোৰৰ ওৰ পৰিব ৷

লগতে পঢ়কঃ জলসম্পদ বিভাগৰ পৰ্যালোচনা সভাত মন্ত্ৰী পীযুষ হাজৰিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.