লখিমপুৰ, ১৬ মাৰ্চ: অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিং সকলৰ মাজৰ পৰা বহু ব্যক্তিয়ে বৃহত্তৰ অসমীয়া সমাজ জীৱনলৈ অৱদান আগবঢ়াই আহিছে । শিক্ষা, সাহিত্য, সংস্কৃতিৰ পৰা বিভিন্ন ক্ষেত্রত তেওঁলোকৰ অৱদান অপৰিসীম । সেইসকল ব্যক্তিৰ অন্যতম হ'ল লখিমপুৰৰ পদ্মনাথ টাইদ । মিচিং সমাজৰ পৰা তেওঁ তৃতীয়গৰাকী অসম অসামৰিক সেৱাৰ প্ৰশাসনিক বিষয়াৰূপে সেৱা আগবঢ়াইছিল । সম্প্ৰতি বাৰ্ধক্যই আমনি কৰা এইগৰাকী অৱসৰী বিষয়াক বুধবাৰে তিলক মোহন দস্তিদাৰ স্মৃতি ৰক্ষা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে (Retired ACS officer felicitated at Lakhimpur)।
উল্লেখ্য় যে ১৯৬৮ চনতে মিচিং সমাজৰ পৰা তৃতীয় গৰাকী অসম অসামৰিক সেৱাৰ প্ৰশাসনিক বিষয়াৰ পদ লাভ কৰিবলৈ সক্ষম হোৱা পদ্মনাথ টাইদক বুধবাৰে বিয়লি লখিমপুৰৰ তিলক মোহন দস্তিদাৰ স্মৃতি ৰক্ষা সমিতিয়ে সম্বৰ্ধনা জ্ঞাপন কৰে (Felicitation of Tilak Mohan Dastidar Smriti Raksha Samiti )। বৰ্তমান চাবতি নিবাসী ৮৪ বছৰীয়া অৱসৰী বিষয়াগৰাকীক স্বগৃহতে গৈ সমিতিয়ে গামোচা, চেলেং, ধৰ্মগ্ৰন্থ, প্ৰশস্তি পত্ৰ আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে । সমিতিৰ সভাপতি পদ্মেশ্বৰ চুতীয়া, কাৰ্যকৰী সভাপতি অতুল দত্ত, উপদেষ্টা অজয় কুমাৰ ফুকন, উপ সভাপতি পুষ্প দস্তিদাৰ, অনন্ত ভূঞা, সম্পাদক গোবিন দস্তিদাৰসহ স্থানীয় একাংশ লোকে তেওঁক সম্বৰ্ধনা জ্ঞাপন কৰে ।
![Retired ACS officer felicitated at Lakhimpur](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-lakhimpur-16march-01-vislbytpix-felicitationofthridmisingcommunityretiredipsofficer-jibangoswami-10046_16032023103453_1603f_1678943093_967.jpg)
উল্লেখ্য যে পদ্মনাথ টাইদে উপপতি সমাহৰ্তা, সহকাৰী বন্দবস্তি প্ৰাধিকাৰী, গ্ৰামোন্নয়ন অভিকৰণৰ প্ৰকল্প সঞ্চালক, মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব, অতিৰিক্ত উপায়ুক্ত আদি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰিছিল । কেৱল কৰ্মজীৱনৰ নিয়মমাফিক কাৰ্যপ্ৰণালীতে তেওঁ আৱদ্ধ নাছিল । আওহতীয়া গ্ৰামাঞ্চলত বিদ্যালয় স্থাপন, মিচিং ফুটবল ক্লাবৰ দায়িত্ব বহন, সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি আদি বিভিন্ন বিষয়বাবেৰে তেওঁ সমাজ সেৱাতো ব্ৰতী হৈছিল ।
১৯৫৪ চনত মহাৰাষ্ট্ৰৰ পৰা আহি তেওঁ লখিমপুৰৰ চাবতিত সমাজসেৱক বি কে ভাণ্ডাৰী, মুক্তিযোদ্ধা তিলক মোহন দস্তিদাৰ, শৈলেন্দ্র নাথ কাকতি, গোলাপ বৰুৱা আদিৰ সৈতে লগলাগি জনসেৱামূলক কামত আত্মনিয়োগ কৰিছিল । তেওঁ, 'মিৰ মিগল' নামৰ মিচিং সকলৰ এখন আলোচনীৰ সম্পাদনা কৰাৰ উপৰি মিচিং সমাজৰ পটভূমিত এখন বৃহৎ কলেৱৰৰ উপন্যাসো ৰচনা কৰিছিল । মিচিং সমাজৰ এক নিটোল প্ৰেম কাহিনীৰ আধাৰত উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ অনুপম সৃষ্টি কালজয়ী উপন্যাসৰ জংকী-পানৈৰ কাহিনীক লৈ নিৰ্মাণ কৰা চলচিত্রখনতো টাইদে এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল । সম্প্ৰতি জীৱনৰ অপৰাহ্নত বাৰ্ধক্যই আমনি কৰা এইগৰাকী মিচিং সমাজৰ আদৰ্শ ব্যক্তিক তিলক মোহন দস্তিদাৰ স্মৃতি ৰক্ষা সমিতিয়ে সম্বৰ্ধনা জনোৱাত তেওঁ অভিভূত হৈ পৰে ।
লগতে পঢ়ক:Titabor Mega Bihu: বিহুৰ বিশ্ব অভিলেখৰ বাবে তিতাবৰত বাছনি শিবিৰ