নাৰায়ণপুৰ, 24 ছেপ্টেম্বৰ : নাৰায়ণপুৰৰ মধুপুৰত অৰ্ধমৃত অৱস্থাত উদ্ধাৰ হৈছে এজন লোক ৷ স্থানীয় ক্ষীৰেশ্বৰ শইকীয়া নামৰ ব্যক্তি এজনৰ গোহালিত উদ্ধাৰ হয় অৰ্ধমৃত দেহটো । লোকজনক জান শইকীয়া বুলি চিনাক্ত কৰা হৈছে । ইপিনে পৰিয়ালৰ লোকে ঘৰলৈ আনি থকা অৱস্থাত পথতে মৃত্যু হয় লোকজনৰ ।
দুটি সন্তানৰ পিতৃ লোক জনৰ দেহৰ বিভিন্ন অংশত আঘাতৰ চিন পোৱা গৈছে ৷ ইপিনে পৰিয়ালৰ লোকে নিশা ঘৰৰ পৰা ওলাই য়োৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে বৰ্তমানো এয়া হত্যাকাণ্ড নে আত্মহত্যা জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক : উৎকোচ লৈ গ্ৰেপ্তাৰ ধুবুৰীৰ দুই আৰক্ষী বিষয়া