ETV Bharat / state

কেৱল চকী শুৱনি কৰা পৌৰসভাৰ প্ৰতিনিধি আমাক নালাগে : পদপথৰ ব্যৱসায়ী সন্থা

author img

By

Published : Mar 5, 2022, 9:50 AM IST

‘‘কেৱল চকী শুৱনি কৰা পৌৰ প্ৰতিনিধিৰ প্ৰয়োজন নাই পদপথৰ ব্যৱসায়ীসকলক । ব্যৱসায়ীসকলৰ কাষত থিয় হোৱা পৌৰ প্ৰতিনিধিহে লাগে ব্যৱসায়ীসকলক’’ ৷ পৌৰ নিৰ্বাচন (Municipal elections 2022) ৰ প্ৰাক মূহুৰ্তত মনৰ কথা ব্যক্ত কৰে ৰাজ্যৰ একাংশ পদপথৰ ব্যৱসায়ীয়ে ৷

Some street traders expressed their minds on the eve of the municipal elections
ৰাজ্যৰ পৌৰসভা নিৰ্বাচন

লখিমপুৰ, 5 মাৰ্চ : ‘‘কেৱল চকী শুৱনি কৰা পৌৰসভাৰ প্ৰতিনিধি আমাক নালাগে ৷ আমাক লাগে পৌৰসভাৰ এলেকাত পদপথৰ ব্যৱসায়ীসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ হকে থিয় হোৱা প্ৰতিনিধিহে’’ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে লখিমপুৰৰ পদপথৰ ব্যৱসায়ী সন্থা সভাপতি চন্দন চক্ৰৱৰ্তীয়ে ৷

উল্লেখ্য যে, ৰাজ্যৰ পৌৰসভা নিৰ্বাচনৰ বাবে মাজত আৰু কেইটামান ঘণ্টা বাকী (Municipal elections 2022) ৷ পৌৰ নিৰ্বাচনৰ প্ৰাক মূহুৰ্তত নিজৰ মনৰ কথা ব্যক্ত কৰিবলৈ ওলাই আহিছে ৰাজ্যৰ একাংশ পদপথৰ ব্যৱসায়ী ৷ কেমেৰাৰ সন্মুখত একাংশ ব্যৱসায়ীয়ে ব্যক্ত কৰিছে নিজৰ মনৰ কথা ৷

ৰাজ্যৰ পৌৰসভা নিৰ্বাচন

লখিমপুৰৰ একাংশ ব্যৱসায়ীয়ে উল্লেখ কৰা অনুসৰি, দীর্ঘদিন ধৰি উপেক্ষিত হৈ আহিছে তেওঁলোক ৷ সঘনে উচ্ছেদিত হয় তেওঁলোকৰ বিপণীসমূহ ৷ সেয়ে সাম্ভাব্য বিজয়ী প্ৰাৰ্থীসকলে পদপথৰ ব্যৱসায়ীসকলৰ সমস্যা সমাধানৰ বাবে আগতীয়াকৈ জনাইছে আহ্বান ৷

ইফালে পদপথৰ ব্যৱসায়ী সন্থাৰ সভাপতি চন্দন চক্ৰৱৰ্তীয়ে কয় যে, কেৱল চকী শুৱনি কৰা পৌৰসভাৰ প্ৰতিনিধি নালাগে । কেৱল চকী শুৱনি কৰা নহয়, কাম কৰা প্ৰতিনিধিৰ প্ৰয়োজন ব্যৱসায়ীসকলক ৷ লগতে তেওঁ কয় যে, কৰ দিয়াৰ বিনিময়ত সুবিধা প্ৰদান কৰিব লাগে পৌৰসভাই । সেয়ে যোগ্য প্ৰার্থীক সকলোৱে সমৰ্থন দিয়াৰ আহ্বান ব্যৱসায়ী সন্থাৰ সভাপতিগৰাকীৰ ৷

লগতে পঢ়ক : Manipur Election 2022 : আজি মণিপুৰত ভাগ্য নিৰ্ণয় হ’ব 92 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.