ETV Bharat / state

ৰাজ্যত পোনপ্ৰথম বাৰৰ বাবে ৰাজসূয় যজ্ঞৰ আয়োজন

অসমত এইবাৰ পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ৰাজসূয় যজ্ঞৰ (Rajsuya Yagya to be held in Assam)। হিন্দু শাস্ত্ৰৰ মতে অতীতৰ ৰজা-মহাৰজাই আয়োজন কৰিছিল এই ধৰণৰ যজ্ঞৰ । অসমৰ ক'ত আৰু কিয় এই যজ্ঞৰ আয়োজন কৰা হৈছে ?

author img

By

Published : Feb 10, 2022, 5:20 PM IST

Rajsuya Yagya
ৰাজ্যত পোনপ্ৰথম বাৰৰ বাবে ৰাজসূয় যজ্ঞৰ আয়োজন

বিহপুৰীয়া,১০ ফেব্ৰুৱাৰী : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বনপূৰৈ জামুগুৰিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব ৰাজসূয় যজ্ঞ (Rajsuya Yagya to be held in Bihpuria)৷ অহা ১২ মাৰ্চৰ পৰা ১৮ মাৰ্চলৈ সাতদিনীয়া কাৰ্যসূচীৰে নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰি পাৰঘাটৰ ব্ৰহ্মপুত্ৰ আৰু সোঁৱণশিৰি নদীৰ সংগমস্থলীৰ কাষতে থকা শ্ৰীশ্ৰী পঞ্চানন মুহিবাবা মহাক্ষেত্ৰত অনুষ্ঠিত হ’ব এই ৰাজসূয় যজ্ঞ ৷ অসম চৰকাৰৰ সহযোগিতাত অনুষ্ঠিত হ’ব লগা ৰাজসূয় যজ্ঞৰ বাবে ইতিমধ্যে ব্ৰহ্মপুত্ৰ-সোঁৱণশিৰি সুঁতিৰ বনপুৰৈ-জামুগুৰি পাৰঘাটৰ কাষৰ চাপৰিৰ পঞ্চাশ বিঘা মাটিত চলিছে বিশাল আয়োজন ৷

দেশৰ বিভিন্ন প্ৰান্তৰ সন্তসকলৰ উপস্থিতিত ৭ দিনীয়াকৈ দিনে-নিশাই অনুষ্ঠিত হ'ব এই বিশাল মহাযজ্ঞ ৷ দেশবাসীৰ মংগল কামনাৰে অনুষ্ঠিত হ'ব এই যজ্ঞ । হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি সম্ৰাট যুধিষ্ঠিৰে এই ৰাজসূয় যজ্ঞৰ আয়োজন কৰিছিল ।

লগতে পঢ়ক :দ্ৰুতগতিত চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাহৰকটীয়া অধিৱেশনৰ প্ৰস্তুতি

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.