ETV Bharat / state

Quiz Competition: লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত কুইজ প্ৰতিযোগিতা

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত শনিবাৰে সন্ধ্যা ড৹ কমল বৰুৱাৰ সোঁৱৰণত উত্তৰ পূৰ্বাঞ্চল ভিত্তিত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । প্ৰতিযোগিতা খনত উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ ভালেখিনি প্ৰতিযোগীয়ে অংশগ্রহণ কৰাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তিয়ে পৰিচালনা কৰে ।

Quiz Competition at Lakhimpur Commerce College
লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতা
author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 12:41 PM IST

লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতা

লখিমপুৰ, 27 আগষ্ট: শনিবাৰে সন্ধ্যা লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত ড৹ কমল বৰুৱাৰ সোঁৱৰণীত উত্তৰ-পূৰ্বাঞ্চল ভিত্তিত এখন কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । সন্ধিয়া লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা 64 টা দলে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ৷ ড৹ কমল বৰুৱা সোঁৱৰণী প্ৰথমখন উত্তৰ পূৰ্বাঞ্চল ভিত্তিক আন্তঃপ্ৰতিষ্ঠানিক কুইজ প্ৰতিযোগিতাত উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ পাৰ্যয়লৈ প্ৰতিযোগীয়ে অংশ লয় ৷

মহাবিদ্যালয়খনে ইয়াৰ চলি থকা সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ অংশ হিচাপে আয়োজন কৰা কুইজ প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে মাজুলীৰ অসম সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ নিৰোদ কুমাৰ বৰুৱাই । উদ্বোধনী ভাষণত উপাচাৰ্য ড৹ বৰুৱাই কয় যে, কুইজ প্ৰতিযোগিতা এখন কিতাপত পোৱাৰ দৰে কিবা উত্তৰ নহয় আৰু ই নিৰন্তৰ অধ্যয়ন, পৰ্যবেক্ষণ আৰু তথ্য সঞ্চয়ৰ ফল বুলি প্ৰশংসা কৰে ।

তেওঁ আৰু কয় যে কুইজ প্ৰতিযোগিতাৰ প্ৰশ্ন আকাশৰ তলৰ যিকোনো বস্তুৰ পৰাই আহে । উদ্বোধনী অধিৱেশনত লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তী আয়োজক সমিতিৰ সভাপতি ড৹ মুকুন্দ ৰাজবংশী আৰু মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড৹ মুহিধৰ পূজাৰী উপস্থিত থাকে । ইয়াৰ পূৰ্বে মহাবিদ্যালয়খনত শিক্ষা বিভাগত অধ্যাপনা কৰা ড৹ কমল বৰুৱালৈ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে গভীৰ শ্ৰদ্ধাঞ্জলী জনোৱা হয় ।

মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ লোহিত হাজৰিকাৰ নেতৃত্বত প্ৰয়াত শিক্ষকজনৰ প্ৰতিচ্ছবিত পৰম্পৰাগত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । প্ৰয়াত ড৹ বৰুৱাৰ পত্নী তথা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ অৰূপা দত্তকো সেই উপলক্ষে মহাবিদ্যালয়খনে সম্বৰ্ধনা জনোৱা হয় । কুইজ প্ৰতিযোগিতাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে আয়োজক সমিতিৰ সমন্বয়ক অধ্যাপক কুলদীপ নাৰায়ণ দত্তই ।

প্ৰতিযোগিতাখনত লিখিত এলিমিনেচন ৰাউণ্ডৰ প্ৰাৰম্ভিক পৰীক্ষা অনুষ্ঠিত কৰাৰ পিছত কুইজ প্ৰতিযোগিতাৰ অন্তিম ৰাউণ্ডৰ বাবে আঠটা দল বাছনি কৰা হয় । কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে বিশিষ্ট কুইজ মাষ্টাৰ তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছাবুৰ ৰহমানে । তেওঁ দৃশ্য, শ্ৰাব্য আৰু মৌখিক প্ৰশ্নৰ সৈতে জড়িত বাৰটা ৰাউণ্ডৰ কুইজ পৰিচালনা কৰে ।

তেওঁক সহযোগ কৰে লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যাপক দিপুল বৰুৱা, অধ্যাপক এম.কে. তামুলী, অধ্যাপক সুৰজ দাস আৰু প্ৰশান্ত বৰাই । কুইজ প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অশ্বিনী কুমাৰ শৰ্মা আৰু অনুজ শংকৰ দেৱনাথে চেম্পিয়ন হিচাপে আত্মপ্ৰকাশ কৰাৰ বিপৰীতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ সয়ন মজুমদাৰে (একক ভাবে প্ৰতিদ্বন্দ্বিতা কৰা) দ্বিতীয় আৰু নলবাৰী আইন মহাবিদ্যালয়ৰ ৰক্তিম ৰঞ্জন বৈশ্য (একক ভাবে প্ৰতিদ্বন্দ্বিতা কৰা) তৃতীয় স্থান লাভ কৰে ।

গুৱাহাটীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় (দুটা দল), ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ দলসমূহে ক্ৰমে চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু অষ্টম স্থান লাভ কৰে । বিজয়ী সকলোকে মুঠ ৫০ হাজাৰ টকাৰ প্ৰাইজমানি পুৰস্কাৰ, চলন্ত ট্ৰফী আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰা হয় । সন্ধিয়া মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ড৹ মুহিধৰ পূজাৰীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত পুৰস্কাৰ সমুহ প্ৰদান কৰা হয় ।

লগতে পঢ়ক: Fire breaks out : মাজুলীৰ চেলেক চাপৰিত অগ্নিকাণ্ড; জাহ গ’ল 4 টা বাসগৃহ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.