ETV Bharat / state

Pranab Saikia Murder: এটা হত্যাকাণ্ডক লৈ লখিমপুৰ চাংমাই গাঁৱত উত্তেজনা

author img

By

Published : Jul 29, 2023, 5:01 PM IST

লখিমপুৰৰ চাংমাই গাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যকাণ্ড ৷ চোৰে হত্যা কৰিলে প্ৰণৱ শইকীয়া নামৰ যুৱকক ৷ হত্যাকাণ্ডক লৈ শনিবাৰে উত্তপ্ত পৰিস্থিতি লখিমপুৰত ৷ অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীৰে আৰক্ষী থানাৰ সন্মুখতো প্ৰতিবাদ ৰাইজৰ ৷

Public Protest in Lakhimpur
এটা হত্যাকাণ্ডক লৈ লখিমপুৰত উত্তেজনা
এটা হত্যাকাণ্ডক লৈ লখিমপুৰত উত্তেজনা

লখিমপুৰ, ২৯ জুলাই: শুকুৰবাৰে নিশা লখিমপুৰৰ চাংমাই গাঁৱত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যকাণ্ড ৷ সেই হত্যাকাণ্ডক লৈ শনিবাৰে উত্তপ্ত পৰিস্থিতি হয় ৷ ঘটনা অনুসৰি শুকুৰবাৰে নিশা চাংমাই গাঁৱৰ প্ৰণৱ শইকীয়া নামৰ লোকজনৰ ঘৰত চোৰ কৰিবলৈ গৈছিল চফিক নামৰ চোৰটোৱে ৷ চোৰ কৰিবলৈ গৈ প্ৰণৱ শইকীয়া নামৰ যুৱকক হত্যা কৰিলে ধৃত চফিকে ৷

শুকুৰবাৰৰ নিশা হোৱা হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীৰে আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত কৰি তোলে ৰাইজে ৷ কেৱল সিমানে নহয় শ শ লোকে ৰাজপথলৈ ওলাই আহি লখিমপুৰৰ বাইপাচৰ পথ অৱৰোধ কৰি উত্তাল পৰিৱেশ সৃষ্টি কৰে ৷ পৰৱৰ্তী সময়ত জিলাৰ শীর্ষ আৰক্ষী বিষয়াৰ অনুৰোধত ৰাইজে পথ অৱৰোধ প্ৰত্যাহাৰ কৰে ৷ পাচত ধৃত চফিকৰ বাসগৃহ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ক্ষোভিত ৰাইজে ৷

এই চাঞ্চল্যকৰ হত্যকাণ্ডৰ লগত জৰিত কেইবাজনকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে ৷ আনহাতে আৰক্ষীয়ে আটক কৰাৰ অভিযুক্তক ৰাইজৰ সন্মুখত দেখুৱাবলৈ দাবী কৰিছিল ৷ ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই আৰক্ষীয়ে আটকাধীন দুজনক ৰাইজৰ আগত দেখুৱাৰ পাচতে শান্ত হয় প্ৰতিবাদকাৰী ৰাইজ ৷

ৰাইজৰ দাবী, "যদিহে আত্মগোপন কৰি থকা অভিযুক্তকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ নকৰে তেতিয়া হলে পৰিস্থিতি অধিক ভয়াৱহ হ’ব ৷ এজন বাংলাদেশী চোৰে অসমীয়া যুৱকক হত্যা কাৰ প্ৰতিশোধ লম যদিহে আৰক্ষীয়ে অভিযোগকাৰীক কঠোৰ শাস্তি প্ৰদান নকৰে ৷" আনহাতে নিৰীহ যুৱক প্ৰণৱ শইকীয়াৰ এই হত্যা কাণ্ডৰ ঘটনাৰ বাবে চেপা উত্তেজনাই বৰ্তমানেও বিৰাজ কৰিছে লখিমপুৰত ৷

লগতে পঢ়ক:Murder in Lakhimpur : লখিমপুৰত ভয়ংকৰ ঘটনা; ছাগলী চোৰে হত্যা কৰিলে যুৱকক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.