ETV Bharat / state

Public meeting at Lakhimpur: সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজহুৱা সভা - সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ

দেওবাৰে লখিমপুৰত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ শেনচোৱা এল পি স্কুলৰ প্ৰাঙ্গণত এই ৰাজহুৱা সভাখন অনুষ্ঠিত হয় ৷

public meeting of Asom Goria Moria Desi Jatiya Parishad held in Lakhimpur
লখিমপুৰত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজহুৱা সভা অনুষ্ঠিত
author img

By

Published : Jul 17, 2022, 8:09 PM IST

লখিমপুৰ,১৭ জুলাই: দেওবাৰে লখিমপুৰত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় । সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট অধিবক্তা নেকিবুৰ জামান ৷ সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত শেনচোৱা এল পি স্কুলৰ প্ৰাঙ্গণত এই ৰাজহুৱা সভাখন অনুষ্ঠিত হয় (Public meeting of Asom Goria Moria Desi Jatiya Parishad) ৷

লখিমপুৰত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ৰাজহুৱা সভা অনুষ্ঠিত

সভাত সভাপতিত্ব কৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ লখিমপুৰ জিলা সমিতি সভাপতি চৈয়দ চৰিফুল হুছেইনে । সভাৰ উদ্দেশ্য বাখ্যা কৰে লখিমপুৰ জিলা সমিতি যুটীয়া সম্পাদক নজৰুল আলি হাজৰিকাই আৰু আঁত ধৰে কাৰ্যকৰী সভাপতি বদৰুল হুছেইনে । নিৰ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকৰ লগতে বহুকেইজন গণ্যমান্য ব্যক্তি ।

সভাত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সমিতিয়ে তেওঁলোকৰ মূল ৭ টা সমস্যা সমাধানৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ সন্মুখত দাঙি ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সভাত উপস্থিত থাকি বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে ‘‘যেতিয়ালৈকে অসমত অৰ্থনৈতিক সমস্যা নিবনুৱা সমস্যা আদিৰ দৰে সমস্যাসমূহ থাকিব তেতিয়ালৈকে আলফাৰ দৰে সমস্যা চলিয়ে থাকিব ’’ বুলি মন্তব্য কৰে ৷

লগতে পঢ়ক: BJP Minority Morsa organizes bike rally: মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ উদ্দেশ্যে বাইক ৰেলী

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.