ETV Bharat / state

Sanitation Workers Protest: প্ৰাপ্য মজুৰি মোকলাই দিয়াৰ দাবীত লখিমপুৰত চাফাই কৰ্মীৰ প্ৰতিবাদ

author img

By

Published : Dec 19, 2022, 2:26 PM IST

Updated : Dec 19, 2022, 3:20 PM IST

লখিমপুৰত চাফাই কৰ্মীৰ উত্তাল প্ৰতিবাদ ৷ প্ৰাপ্য মজুৰি আৰু দুগৰাকী সহকৰ্মীক মোকলাই দিয়াৰ দাবীত উত্তৰ লখিমপুৰ থানাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে চাফাই কৰ্মীসকলে (Sanitation Workers Protest in Lakhimpur) ৷

Protests erupt in Lakhimpur over release of sanitation workers
লখিমপুৰত চাফাই কৰ্মীৰ প্ৰতিবাদ
লখিমপুৰত চাফাই কৰ্মীৰ প্ৰতিবাদ

লখিমপুৰ, 19 ডিচেম্বৰ: এফালে চৰকাৰৰ উদ্ভণ্ডালি, আনফালে একাংশ চাফাই কৰ্মীৰ পেটত গামোচা বান্ধিবলগীয়া দুৰৱস্থা ৷ আমাৰ নগৰ অথবা চহৰখন পৰিস্কাৰ কৰি ৰখাৰ আঁৰতে থাকে একাংশ চাফাই কৰ্মীৰ কঠোৰ পৰিশ্ৰম (Sanitation Workers Protest in Lakhimpur) ৷ কিন্তু যেতিয়া এইসকল লোকেই নিজ প্ৰাপ্যৰ কাৰণে প্ৰতিবাদত নামিবলগীয়া হয়, তেতিয়া কেনেদৰে নিকা হৈ থাকিব আমিৰ চৌদিশ!

পুৱাৰ সূৰ্যটো নোলোৱাৰ পৰাই আমি বাস কৰা চহৰখন পৰিস্কাৰ কৰাৰ কামত ব্ৰতী হয় চাফাই কৰ্মীসকল (Sanitation Workers Protest against municipal board) ৷ জনসাধাৰণক এখন নিকা নগৰ উপহাৰ দিবলৈ তেওঁ লোকে কাহিলীপুৱাতে ওলাই আহে হাতত ঝাড়ু লৈ ৷ পিছে এইদৰে প্ৰতিদিনে কৰা কষ্টৰ বিনিময়ত তেওঁলোকে পাব লগীয়া প্ৰাপ্য কেইবাটাও সময়ত নাপায় ৷ লখিমপুৰ পৌৰ সভাত (North Lakhimpur Municipal Board) এতিয়া নিজ প্ৰাপ্যৰ কাৰণে হাহাকাৰ কৰিছে চাফাইকৰ্মীসকলে ৷

যোৱা দুই তিনিমাহ ধৰি চাফাই কৰ্মী সকলে মজুৰি নোপোৱাৰ বাবে তেওঁলোকে চাৰি পাচদিন ধৰি কাম নকৰাকৈ আছে ৷ ফলত নগৰখন কদৰ্যময় পৰিৱেশলৈ পৰিৱৰ্তিত হৈছে ৷ লখিমপুৰ নগৰ ভিন্ন ঠাইত নগৰখনৰ পৰা নিষ্কাশিত হোৱা নাই দৈনিক নগৰখনত জমা হোৱা গেলা-পঁচা জাবৰৰ দ'ম পৰিলক্ষিত হৈছে ৷

চাফাইকৰ্মীসকল বাৰম্বাৰ পৌৰনিগমৰ ফালৰ পৰা কাম কৰিবলৈ মাতি থকাৰ স্বত্বেও কামলৈ নহাত ক্ষুব্ধ হৈ পৰিছে পৌৰসভাৰ বিষয়ববীয়াসকল (Two sanitation workers arrested) ৷ ফলত সোমবাৰে আৰক্ষীয়ে চাফাই কৰ্মী দুজনক আটক কৰাত চহৰখনত পৰিস্থিতি উত্তাল হৈ পৰে৷ আটকাধীন কৰ্মী দুজনৰ অতি সোনকালে অৰক্ষীয়ে এৰি দিবলৈ উত্তাল প্ৰতিবাদ সাব্যস্ত চাফাই কৰ্মীসকলে ৷ কৰ্মী দুজনক মুকলি কৰি নিদিয়ালৈকে থানা সন্মুখৰ পৰা ঘৰলৈ নোযোৱাৰ কথা প্ৰকাশ কৰে চাফাই কৰ্মীসকলে ৷

প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ামতে উত্তৰ লখিমপুৰ পৌৰসভা কৰ্তৃপক্ষই যোৱা দুমাহে এটকাও প্ৰাপ্য পাৰিশ্ৰমিক আদায় দিয়া নাই পৌৰসভাখনত চাফাই কৰ্মীৰূপে নিয়োজিত লোকসকলক (sanitation workers protest for salary) ৷ যাৰফলত সময় অনুসৰি প্ৰাপ্য পাৰিশ্ৰমিক লাভ কৰিব নোৱাৰি পৰিয়াল পোহপালৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হোৱা চাফাই কৰ্মীসকলে ৷

তেওঁলোকে বাৰম্বাৰ কোৱাৰ পিচতো পৌৰসভাই দৰমহা আদায় নকৰাত যোৱা চাৰিদিন ধৰি কৰ্মবিৰতি পালন কৰিছে কৰ্মীসকলে ৷ ফলত গেলা-পঁচা জাবৰৰ দুৰ্গন্ধ তথা দ'মে নগৰবাসীৰ জীৱন নিৰ্বাহ কৰাত দুৰ্বিসহ কৰি তুলিছে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma visited Lakhimpur) লখিমপুৰ পৰিভ্ৰমণ কৰি গৈছে ৷

লগতে পঢ়ক: Apiculture farming at west bengal: অসমত মৌ পালনেৰে স্বাৱলম্বী পশ্চিমবংগৰ মৌ-পালক

Last Updated : Dec 19, 2022, 3:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.