লখিমপুৰ,6 জানুৱাৰীঃ সোমবাৰে পুৱাৰ ভাগতে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ’ল মন্ত্ৰী নৱ দলে আৰু সাংসদ প্ৰদান বৰুৱা ৷ লখিমপুৰৰ আৱৰ্ত ভৱনৰ পৰা ৰঙানদীৰ পাৰলৈ যাবলৈ লওতেই আছু আৰু যুৱ ছাত্ৰ পৰিষদৰ কৰ্মীয়ে দুয়োগৰাকী নেতাকে ক’লা পতাকা প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ নৱ দলে আৰু প্ৰদান বৰুৱাৰ বাহন দুখনো আগভেটি ধৰে প্ৰতিবাদকাৰী সকলে ৷ আৰক্ষী -নিৰাপত্তা বাহিনীৰ বাধা অতিক্ৰম কৰিও প্ৰতিবাদ অব্যাহত ৰাখে কৰ্মীসকলে ৷ আনহাতে, বাটতে প্ৰতিবাদৰ সন্মুখীন হৈ দুয়োগৰাকী নেতাই বনভোজস্থলী পোৱাৰ পূৰ্বেই উভতি আহে ৷
লগতে পঢ়ক-স্থানীয়সকলৰ বাবে চাকৰিৰ সংৰক্ষণে নিবনুৱা সমস্যা সমাধান কৰিবনে?