ETV Bharat / state

অৰুণাচলী দুষ্কৃতিকাৰীক আটক কৰাৰ দাবীত লখিমপুৰত প্ৰতিবাদ

author img

By

Published : Aug 16, 2022, 6:22 PM IST

প্ৰতিবাদত উত্তাল হ’ল লখিমপুৰৰ এটা সীমান্তবৰ্তী অঞ্চল (Protest in Lakhimpur) ৷ অৰুণাচলী দুষ্কৃতিকাৰীৰ এটা দলক আটক কৰাৰ দাবীত একাংশ স্থানীয় যুৱকে লখিমপুৰৰ অৰুণাচল সংযোগী ৰূপহী ৰাজগড়ৰৰ মূলপথটো অৱৰোধ কৰাৰ লগতে টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ (Protest demands arrest of Arunachal miscreants) ।

Protest in Lakhimpur demanding arrest of Arunachali goons
অৰুণাচলী গুণ্ডাবাহিনীক আটক কৰাৰ দাবীত লখিমপুৰত প্ৰতিবাদ

লখিমপুৰ, 16 আগষ্ট : অৰুণাচল প্ৰশাসন গ’ বেক, লখিমপুৰ প্ৰশাসনৰ কাম নাই, অৰুণাচলী গ’ বেক, অসম চৰকাৰ হুচিয়াৰ ইত্যাদি শ্ল’গানেৰে উত্তাল হ’ল লখিমপুৰ (Protest in Lakhimpur) ৷ অৰুণাচলী দুষ্কৃতিকাৰীক আটক কৰাৰ দাবীত স্থানীয় যুৱকে লখিমপুৰৰ অৰুণাচল সংযোগী ৰূপহী ৰাজগড়ৰৰ মূলপথটো অৱৰোধ কৰাৰ লগতে টায়াৰ জ্বলাই মঙলবাৰে সাব্যস্ত কৰে প্ৰতিবাদ (Protest demands arrest of Arunachal miscreants) ।

উল্লেখ্য যে, দেওবাৰে অৰ্থাৎ 14 আগষ্টৰ নিশা 12 জনীয়া এটা গাঁওৰক্ষী বাহিনীৰ দলক প্ৰহাৰ কৰিছিল অৰুণাচলী দুষ্কৃতিকাৰীয়ে ৷ এই কথা জিলা আৰক্ষী তথা প্ৰশাসনক অৱগত কৰাৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এই অভিযোগ উত্থাপন কৰিছে অৰুণাচল সীমান্তত অৱস্থিত লখিমপুৰৰ স্থানীয় যুৱকে ৷

কেৱল 14 আগষ্টৰ নিশাই নহয়, অৰুণাচলী যুৱকে উক্ত অঞ্চলত সঘনে সন্ত্ৰাস চলাই অহাৰ অভিযোগ তৰিছে অৰুণাচল সীমান্তত অৱস্থিত লখিমপুৰৰ একাংশ ৰাইজে ৷ যাৰ বাবে ভয় আৰু শংকাত সময় পাৰ কৰিব লগা হৈছে অৰুণাচলৰ সীমামূৰীয়া অঞ্চল লখিমপুৰৰ ৰাইজে ৷ সেয়ে এনে অৰুণাচলী দুষ্কৃতিকাৰীৰ বিৰুদ্ধে যদিহে প্ৰশাসনে কোনো ব্যৱস্থা নলয়, তেন্তে অনাগত সময়ত ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক : ব্যক্তিগত খণ্ডলৈ আদৰ্শ বিদ্যালয়, তৎপৰ ৰণোজ পেগু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.