নাওবৈচা,১৪ মে’: লখিমপুৰ জিলাৰ নাওবৈচাৰ মাজেৰে বৈ যোৱা ৰঙানদীয়ে দুয়োপাৰত বাস কৰা লক্ষাধিক জন সাধাৰণৰ জীৱনৰ প্ৰতি একপ্ৰকাৰ ভাবুকিৰ সৃষ্টি কৰিছে ৷ প্ৰতিবছৰে ৰঙানদীৰ সংহাৰী বানে লোকসকল সা-সম্পত্তি নিঃশেষ কৰাৰ লগতে গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ বিধ্বস্ত কৰি পেলাইছে ৷ তদুপৰি ভূতৰ ওপৰত দানহ পৰাৰ দৰে প্ৰতিটো বাৰিষাত ৰঙানদী জলবিদ্যুত প্রকল্পৰ অতিৰিক্ত পানী এৰাৰ ফলত নদীখনে সংহাৰী ৰূপ ধাৰণ কৰি ক্ষতিগ্ৰস্ত কৰে অঞ্চলবাসীক ৷ বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল লখিমপুৰৰ সাংসদ হৈ থকা অৱস্থাত 2017 চনত নদীখনৰ সোঁ-পাৰত চাইড বান্ধ দিয়াত প্ৰায় 15-20 খন গাঁও বানৰ কবলৰ পৰা মুক্ত হৈছিল ৷
দুৰ্ভাগ্যবশতঃ বিগত বছৰত বানে বান্ধটো ছিঙি নিয়াত পুনৰ বিপদৰ সন্মুখীন হয় স্থানীয় ৰাইজ ৷ উল্লেখ্য যে,চাহ জনগোষ্ঠীয় লোকৰ বসতিপ্ৰধান অঞ্চলটোৰ সুৰক্ষাৰ স্বাৰ্থত বান্ধটোৰ পুনঃৰ্নিৰ্মাণ তথা মেৰামতিৰ বাবে ডিজু পঞ্চায়তে এনৰেগা আঁচনিৰ অধীনত 44 লাখ টকাৰ কাম নিৰ্ধাৰণ কৰে ৷ নদীখনৰ বাওঁপাৰৰ ৰাইজে নিৰ্মাণ কাৰ্যত বাধা প্ৰদান কৰি উপায়ুক্তক আবেদন কৰে । বন্ধটোৰ সন্দৰ্ভত দুয়োপাৰৰ ৰাইজৰ মাজত তীব্ৰ মতানৈক্য সৃষ্টি হয় ৷ লগতে বৃহস্পতিবাৰে প্ৰায় শতাধিক ৰাইজে বান্ধটোৰ নিৰ্মাণস্থলীত উপস্থিত হৈ বাৰিষাৰ পূৰ্বে বান্ধটো সম্পূৰ্ণ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰে ।