ETV Bharat / state

লাখপতিৰ নামত PMAY ঘৰ : প্ৰতিবাদত উত্তাল মধ্য নাওবৈচা পঞ্চায়ত

author img

By

Published : Sep 8, 2022, 4:32 PM IST

Updated : Sep 8, 2022, 8:35 PM IST

মধ্য নাওবৈচা পঞ্চায়তত পঞ্চায়তৰ ৱাৰ্ড সদস্যক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ ৷ টকাৰ বিনিময়ত চহকী লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন দিয়াৰ গুৰুতৰ অভিযোগ (Corruption in Panchayat) ৷

Protest against Panchayat member at Naoboicha

নাওবৈচা, ৮ ছেপ্টেম্বৰ: দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ বাবে ৰূপায়ণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত নামত একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অহাৰ অভিযোগ সততে উত্থাপন হোৱা দেখা গৈছে (Allegation of scam in PMAY scheme)৷ বৃহস্পতিবাৰে মধ্য নাওবৈচা গাঁও পঞ্চায়তৰ অধীনস্থ 7 আৰু 3 নং ৱাৰ্ডৰ বঞ্চিত হিতাধিকাৰীয়ে ৱাৰ্ডটোৰ সদস্য-সদস্যাক গ্ৰেপ্তাৰৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

পঞ্চায়তখনৰ অধীনস্থ 7 নং ৱাৰ্ড আৰু 3 নং ৱাৰ্ডত টকাৰ বিনিময়ত চহকী লোকক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টন দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে এই সকল বঞ্চিত হিতাধিকাৰীয়ে । অভিযোগ মতে, মধ্য নাওবৈচা গাঁও পঞ্চায়তৰ অধীনস্থ 7 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য ৰমাকান্ত বৰা আৰু 3 নং ৱাৰ্ডৰ ৱাৰ্ড সদস্যা জোনমণি বড়ি বৰাই ৱাৰ্ডটোৰ দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰি ধনী ব্যক্তিক টকাৰ বিনিময়ত গৃহ আৱন্টন দিছে (Corruption in Panchayat) ।

প্ৰতিবাদত উত্তাল মধ্য নাওবৈচা পঞ্চায়ত

তাৰোপৰি পঞ্চায়তখনৰ জি আৰ এছ গৰাকীয়ে পকী ঘৰ থকা ব্যক্তিৰ ঘৰৰ পাছফালে থকা বাঁহৰ বেৰা দিয়া ঘৰৰ ফটো মাৰি জিঅ’ ট্ৰেক কৰি গৃহ আৱন্টনত মুখ্য ভূমিকা পালন কৰিছে বুলিও অভিযোগ উত্থাপিত কৰিছে ।

বিশেষকৈ ৱাৰ্ড দুটাত ৱাৰ্ড সদস্য দুগৰাকীয়ে দৰিদ্ৰ হিতাধিকাৰী সকলে টকা নিদিয়াৰ বাবেই প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ গৃহৰ পৰা বঞ্চিত কৰি ৰখাৰ অভিযোগ কৰিছে ৰাইজে । এই সম্পর্কত পঞ্চায়তৰ সভানেত্ৰীক অভিযোগ দাখিল কৰাৰ পিছতো সভানেত্ৰীগৰাকীয়ে একো ব্যৱস্থা গ্ৰহণ নকৰি ৱাৰ্ড সদস্যক ৰক্ষণাবেক্ষণ দিয়াৰো গুৰুতৰ অভিযোগ কৰিছে বঞ্চিত হিতাধিকাৰীসকলে (Allegation of corruption against panchayat member)।

কোনো এটা পক্ষই এইসকল দৰিদ্ৰ হিতাধিকাৰীৰ অভিযোগক গুৰুত্ব প্ৰদান নকৰাত বৃহস্পতিবাৰে পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে তেওঁলোকে । বঞ্চিত হিতাধিকাৰীসকলে দৰিদ্ৰ তেজ শুহি খোৱা এই সকল জনপ্ৰতিনিধিক গ্ৰেপ্তাৰ কৰক, দৰিদ্ৰ লোকক প্ৰধানমন্ত্ৰী আৱাস গৃহ দিয়ক, প্ৰধানমন্ত্ৰী আৱাস গৃহত দুৰ্নীতি বন্ধ কৰক আদি শ্ল’গানেৰে পঞ্চায়ত কাৰ্যালয়ৰ পৰিবেশ উত্তাল কৰি তোলে (Panchayat corruption in Naoboicha) ।

মধ্য নাওবৈচাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৱন্টনৰ নামত পঞ্চায়তখনত দীৰ্ঘ দিনৰে পৰা হৈ থকা দুৰ্নীতিৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে দোষী জনপ্ৰতিনিধি উচিত শাস্তি প্ৰদান কৰিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে ৷

লগতে পঢ়ক: তিনিজন মানুহেৰে দল খুলি অজিত ভূঞাই ৱৰ্ল্ড ৰেকৰ্ড কৰিছে: অতুল বৰা

Last Updated : Sep 8, 2022, 8:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.