লখিমপুৰ, 30 নবেম্বৰ : অসম জাতীয়তাবাদী যুৱ পৰিষদে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক পদ্মশ্রী ইমৰান শ্বাহলৈ (Padma Shri Imran Shah) এইবাৰ আগবঢ়োৱা হৈছে 'চাওলুং ছ্যুকাফা' সমন্বয় বঁটা ৷ অসম দিৱস উপলক্ষে আয়োজিত হ’ব লগা অনুষ্ঠানত পদ্মশ্ৰী ইমৰান শ্বাহক বৰ অসম সমন্বয় বঁটা প্ৰদান কৰিব যুৱ পৰিষদে ।
জেষ্ঠ সাহিত্যক(Senior writer Imran Shah)গৰাকীলৈ এই সন্মান আগবঢ়াইছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে ৷ আগন্তুক 2 ডিচেম্বৰত অসম দিৱস উপলক্ষে পৰিষদে বিশিষ্ট সাহিত্যিক গৰাকীক প্ৰদান কৰিব এই বঁটা( PRESTIGIOS AWARD TO PADMA SHRI IMRAN SHAH) । এই বঁটাৰ লগতে সাহিত্যিক ইমৰান শ্বাহলৈ আগবঢ়োৱা হ'ব ২৫ হাজাৰ টকা, প্ৰশস্তি পত্ৰ, অংগ বস্ত্ৰ আদি।
![BOR AXOM SAMANNYA AWARD GOES TO WRITER IMRAN SHAH](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-lakhimpur-30nov-01-pixbyt-borasomsamannaybota-jibangoswami-10046_30112021075318_3011f_1638238998_119.jpg)
উল্লেখ্য যে, যুৱ পৰিষদে এইবাৰ জিলা সাহিত্য সভাৰ সৈতে যৌথভাৱে আয়োজন কৰিছে অসম দিৱস । প্ৰত্যেক বছৰৰ দৰে এইবাৰো পৰিষদে অসম দিৱস উপলক্ষে বৰ অসম সমন্বয় বঁটা প্ৰদানৰ প্ৰস্তুতি কৰি বঁটা প্ৰাপক হিচাপে প্ৰথিতযশা সাহিত্যিক ইমৰান শ্বাহৰ নাম মনোনীত কৰা হৈছে(Imran Shah nominated for chao lung Sukaphaa bor axom award) । পৰিষদৰ এই পদক্ষেপক সকলোৱে আদৰণি জনাইছে ।
লগতে পঢ়ক : উত্তৰ লখিমপুৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীত; লখিমপুৰত উছাহৰ ধল