ETV Bharat / state

এইবাৰ টেট শিক্ষক নিযুক্তিত দুৰ্নীতিৰ অভিযোগ !

এটাৰ পিছত এটাকৈ বিয়াগোম কেলেংকাৰীয়ে কঁপাইছে ৰাজ্য ৷ এইবাৰ টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে টেট শিক্ষকৰ এটা দলে ৷ দলটোৱে সংবাদমেলযোগে ঘোষণা কৰে এই কথা ৷

author img

By

Published : Oct 8, 2020, 8:20 PM IST

Pressmeet of TET Teachers lakhimpur assam etv bharat news
টেট শিক্ষক নিযুক্তিত দুৰ্নীতিৰ অভিযোগ

লখিমপুৰ,8 অক্টোবৰ: অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী সংঘটিত হোৱাৰ পিছত এইবাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে টেট শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াত ৷ সম্প্ৰতি পোহৰলৈ আহিছে শিক্ষা বিভাগত ভুৱা টেট শিক্ষক নিযুক্তি প্ৰদানৰ এক ভয়ংকৰ তথ্য ৷ এই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক ভূৱা প্ৰমাণপত্ৰ আৰু জাতিগত প্ৰমাণপত্ৰ লৈ নগাঁৱত শিক্ষক পদত নিযুক্তি দিছে ঢকুৱাখানাৰ দুই যুৱকে ৷ এই প্ৰক্ৰিয়াত নাম সাঙোৰ খাইছে জীৱন চন্দ্ৰ ভৰলুৱা আৰু জয়ন্ত বেজ নামৰ দুগৰাকী যুৱকৰ ৷

এই বিস্ফোৰক তথ্য বৃহস্পতিবাৰে সংবাদমেল যোগে সদৰী কৰে টেট শিক্ষকৰ এটা দলৰ উপৰিও ঢকুৱাখানা আছু আৰু ট্ৰাইবেল সংঘৰ সভাপতিয়ে ৷ উত্থাপিত অভিযোগ অনুসৰি, নগাওঁ ৰূপহী শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰ বৰঘাট মোক্তাব বিদ্যালয়ত জীৱন ভৰলুৱা আৰু লাওখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত দক্ষিণ শালমাৰী মোক্তাব বিদ্যালয়ত জয়ন্ত বেজে নিযুক্তি লাভ কৰে ৷ উল্লেখ্য যে, তথ্য জনাৰ আইনৰ জৰিয়তে পোহৰলৈ আহে এই সকলো তথ্য ৷

সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে 10/2/2014 তাৰিখত অনুষ্ঠিত টেট পৰীক্ষাত উত্তীৰ্ণ হৈ 22/2/2014 ত নিযুক্তি লাভ কৰা বুলি দেখুওৱা হৈছে প্ৰাৰ্থীসকলৰ প্ৰমাণপত্ৰত ৷ যি মুঠেও সম্ভৱপৰ নহয় । যিহেতু উক্ত তাৰিখত ৰাজ্যত কোনো সাধাৰণ টেট পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল ৷ ইয়াৰ বিপৰীতে পৰীক্ষা অনুষ্ঠিত হৈছিল অন্য এক তাৰিখতহে ৷ প্ৰাৰ্থীসকলে 150 নম্বৰৰ ভিতৰত 125 নম্বৰ লাভ কৰা তথ্য প্ৰদৰ্শন কৰিছে প্ৰাৰ্থীসকলে ৷ যি আছিল সম্পূৰ্ণৰূপে ভুৱা ৷ দুইগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰা জাতিগত প্ৰমাণপত্ৰ ভুৱা বুলি ট্ৰাইবেল সংঘৰ সভাপতি দেৱ কছাৰী আৰু ধেমাজি জিলাৰ উপায়ুক্তই ইতিমধ্যে নিশ্চিত কৰি ঘটনা সন্দৰ্ভত ৰুজু কৰিছে গোচৰ ৷

বৰ্তমান কেইগৰাকীমান টেট শিক্ষকৰ লগতে ঢকুৱাখানা ছাত্র সন্থা আৰু ট্ৰাইবেল সংঘই ঢকুৱাখানা থানাত দুই যুৱকৰ বিৰুদ্ধে 166/2020 নম্বৰত গোচৰ ৰুজু কৰাৰ লগতে শিক্ষা বিভাগৰ সঞ্চালক আৰু শিক্ষা মন্ত্ৰীক এক উচ্চস্তৰীয় তদন্ত কৰি দোষীক শীঘ্ৰে শাস্তি প্ৰদানৰ বাবে দাবী জনাই প্ৰেৰণ কৰে এক পত্ৰ ।

লগতে চাওকঃ ইউপিপিএল দলে কোনো জাতিক প্ৰতিনিধিত্ব নকৰাৰ আশ্বাস প্ৰমোদ বড়োৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.