ETV Bharat / state

চৰকাৰৰ বঞ্চনা : কেমেৰাৰ সন্মুখতে কান্দোন একাংশ শিক্ষকৰ - press meet on unpaid teachers in lakhimpur

কেমেৰাৰ সন্মুখত কান্দোন শিক্ষকৰ ৷ অভিযোগ অনুসৰি, লখিমপুৰত চৰকাৰ অথবা বিভাগৰ দ্বাৰা বঞ্চিত হৈছে একাংশ শিক্ষক ৷ দিক-বিদিক হেৰুৱাই মুকলিকৈ কান্দিব লগীয়া পৰিস্থিতি হৈছে একাংশ বঞ্চিত শিক্ষকে ৷

unpaid teachar press meet
কেমেৰাৰ সন্মুখতে কান্দোন একাংশ শিক্ষকৰ
author img

By

Published : Sep 29, 2021, 6:57 PM IST

লখিমপুৰ,29 ছেপ্তেম্বৰ : লখিমপুৰত কেমেৰাৰ সন্মুখত কান্দিছে এগৰাকী শিক্ষয়িত্ৰীয়ে । কোনো পাৰিবাৰিক কন্দলৰ বাবে নহয় । শিক্ষা বিভাগৰ দ্বাৰা বঞ্চিত হোৱাৰ বাবে এগৰাকী শিক্ষয়ত্ৰীয়ে শোক সম্বৰণ কৰিব নোৱাৰি কেমেৰাৰ সন্মুখতে উঠিল উচুপি ৷

unpaid teachar press meet
শিক্ষক নিয়োজিত কৰাৰ নাম সংঘটিত হৈছে দুৰ্নীতি

কেৱল এগৰাকী বা দুগৰাকী শিক্ষয়ত্ৰী নহয়, চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা বঞ্চনাত প্ৰতাৰিত হোৱাৰ বাবে ৰাজ্যৰ একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে এতিয়া টুকিব লগা হৈছে চকুলো । উল্লেখ্য যে, বিগত ১৯৯১ চনৰ পৰা ২০০১ চনলৈ প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰি দৰমহা পোৱাৰ উপৰি প্ৰশিক্ষণো লৈছিল এই শিক্ষক সকলে । কিন্তু পৰৱৰ্তী সময়ত এই শিক্ষক সকলৰ দৰমহা বন্ধ কৰি দিয়া হয় ।

মনকৰিবলগীয়া যে, একাংশই দৰমহা নোপোৱাকৈ অথবা প্ৰশিক্ষণ নোহোৱাকৈয়ে শিক্ষকতাৰ বৃত্তিত নিয়োজিত হৈ আছিল ।

শেহতীয়াকৈ বিভাগীয় কৰ্তৃপক্ষই সেই সকল শিক্ষকৰ তথ্য-পাতি আদি পৰীক্ষা কৰি পদ নিয়মীয়া কৰণৰ ব্যৱস্থা কৰে । কিন্তু এই প্ৰক্ৰিয়াটো দুৰ্নীতি সংঘটিত হোৱাৰ এক অভিযোগ উত্থাপিত হৈছে । কিয়নো পূৰ্বতে এদিনো স্কুলৰ মুখ নেদেখা একাংশ শিক্ষকে লাভ কৰিলে চৰকাৰী শিক্ষকৰ মৰ্যদা ৷ ইয়াৰ বিপৰীতে যি সকল শিক্ষকে বিনা স্বাৰ্থত বছৰ বছৰ ধৰি শিক্ষকতা কৰি আহিছিল তেওঁলোকে কিন্তু লাভ নকৰিলে শিক্ষকৰ মৰ্যদা ৷

unpaid teachar press meet
প্ৰাপ্যৰ পৰা বঞ্চিত একাংশ শিক্ষক

লগতে পঢ়ক : চাকৰিৰৰ নামত চলিছে দৰ দাম; ভিডিঅ’ ভাইৰেল

আনকি একাংশ শিক্ষকৰ পদ নিয়মীয়া কৰাৰ বিপৰীতে কৰ্তনহে হ’ল বহু কেইগৰাকী প্ৰকৃত শিক্ষকৰ চাকৰি ৷ মঙলবাৰে লখিমপুৰত আয়োজন কৰা এক সংবাদ মেলত এই অভিযোগ উত্থাপন কৰিছে একাংশ বঞ্চিত শিক্ষকে । আনহাতে, একাংশ বঞ্চিত শিক্ষকৰ দাবী এই প্ৰক্ৰিয়াত সংঘটিত হৈছে ব্যাপক ধনৰ লেনদেন ব্যাপক ধনৰ লেনদেনো ৷

কেমেৰাৰ সন্মুখত কান্দোন শিক্ষকৰ

একাংশ বঞ্চিত শিক্ষকৰ অভিযোগ, বছৰ বছৰ ধৰি বিনা স্বাৰ্থত শিক্ষকতাৰ বৃত্তিত নিয়োজিত হৈয়ো নাপালে প্ৰকৃত শিক্ষকৰ মৰ্যদা ৷ যাৰ ফলত এতিয়া ক্ষোভিত হৈ পৰিছে বঞ্চিত শিক্ষক সকল ৷ ৰাজ্য চৰকাৰলৈ বঞ্চিত শিক্ষকৰ দাবী, এই পদ নিয়মীয়া কৰণৰ প্ৰক্ৰিয়াত সংঘটিত হোৱা দুৰ্নীতিৰ সন্দৰ্ভত এক তদন্ত ঘোষণা কৰক কৰি দোষীক শাস্তি প্ৰদান কৰক ৷

লগতে পঢ়ক: কাগজ কলৰ বিষয়া-কৰ্মচাৰীৰ বাবে চৰকাৰৰ ৫৭০ কোটি টকাৰ পেকেজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.