ETV Bharat / state

2023 চনৰ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন সন্দৰ্ভত সংবাদমেল

author img

By

Published : Nov 26, 2021, 5:20 PM IST

2023 বৰ্ষৰ পহিলা ভাগতে অনুষ্ঠিত হ’ব অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন (Asam Sahitya Sabha Narayanpur Session to be held in 2023) ৷ এই অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদমেল সম্বোধন কৰে অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম দ্বি-বাৰ্ষিক নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিয়ে ৷

press-meet-on-narayanpur-session-of-asam-sahitya-sabha
অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশন সন্দৰ্ভত সংবাদমেল

বিহপুৰীয়া, 26 নৱেম্বৰ : বৃহস্পতিবাৰে লখিমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত হয় অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম দ্বি-বাৰ্ষিক নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতি(Asam Sahitya Sabha Narayanpur Session Committee)ৰ এখন গুৰুত্বপূৰ্ণ সভা ৷ সভাৰ অন্তত নাৰায়ণপুৰৰ আদৰণি সমিতিৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা হয় এখন সংবাদমেলৰ ।

সংবাদমেলযোগে অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত কেইবাটও গুৰুত্বপূৰ্ণ সিদ্ধান্ত অৱগত কৰে । আদৰণি সমিতিৰ সভাপতি তথা বিহপুৰীয়াৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞা(MLA Dr Amiya Kumar Bhuyan)ই আগন্তুক সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনখনি উদযাপনৰ ক্ষেত্ৰত বিহপুৰীয়া সমষ্টিবাসী ৰাইজৰ লগতে সকলো দল সংগঠন, বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বিতে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা কামনা কৰে ।

2023 বৰ্ষৰ পহিলা ভাগতে অনুষ্ঠিত হ’বলগীয়া অধিৱেশনখনি(Asam Sahitya Sabha Narayanpur Session to be held in 2023) অসম সাহিত্য সভাৰ সৰ্বকালৰ শ্ৰেষ্ঠ অধিৱেশন হিচাপে গঢ়ি তুলিবলৈ ইতিমধ্যেই আদৰণি সমিতিয়ে দায়িত্বভাৰ গ্ৰহণ কৰিছে ৷ অধিৱেশনখনি সূচাৰূপে উদযাপনৰ ক্ষেত্ৰত 32 খনকৈ উপ-সমিতি গঠন কৰা হৈছে বুলি বিধায়কগৰাকীয়ে সংবাদমেলত সদৰী কৰে ৷

নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থকা সংবাদখনমেলখনত অধিৱেশনখনি সফল ৰূপায়ণৰ ক্ষেত্ৰত সময়ৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰে ৷ লগতে সমষ্টিটোৰ কেইবাটাও উন্নয়নমূলক কাম খৰতকীয়াকৈ চলি থকা বুলি তেওঁ জানিবলৈ দিয়ে ।

অধিৱেশনখনিলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিবলগীয়া অতিথিসকলক মাধৱদেৱ কলাক্ষেত্ৰটোও পৰিদৰ্শন কৰাৰ সৌভাগ্য কৰি তোলা হ’ব ৷ তাৰ বাবে ইতিমধ্যে কলাক্ষেত্ৰৰ নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি থকাৰ কথা বিধায়ক অমিয় কুমাৰ ভূঞাই জানিবলৈ দিয়ে ৷ আনহাতে, নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতি গঠন সম্পৰ্কে পূৰ্বতে চলা বিতৰ্ক সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন সোধাত সভাপতি তথা বিধায়কগৰাকীয়ে কৌশলগত মন্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : বৰপেটাৰ হাউলীত বিজেপিৰ তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.