ETV Bharat / state

Madhabdev Birthplace Development Committee:মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মক্ষেত্ৰ উন্নয়ন সমিতিৰ সংবাদমেল - শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান

অসমবাসীক এক বিশেষ বাৰ্তা দিবলৈ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মক্ষেত্ৰ উন্নয়ন সমিতিয়ে এখনি সংবাদমেলৰ আয়োজন কৰে ৷

Sri Sri Madhabdev Birthplace Development Committee
সংবাদমেল
author img

By

Published : Jun 3, 2023, 1:07 PM IST

সংবাদমেল

বিহপুৰীয়া, 3 জুন : মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ জন্মক্ষেত্ৰৰ নামত ৰঙাজান আৰু লেটেকুপুখুৰী নামেৰে থকা দুয়োখন থান একত্ৰিত হৈ থান সত্ৰখন সামগ্ৰিকভাৱে উন্নয়ন সাধিব বিচাৰিছে ৷ সেই সন্দৰ্ভতেই শুকুৰবাৰে বিয়লি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মক্ষেত্ৰ উন্নয়ন সমিতিয়ে এক সংবাদমেল আয়োজন কৰি সমষ্ট বিষয়টো স্পষ্ট কৰি দিয়ে ৷ বিশেষকৈ মাধৱদেৱ গুৰুজনাৰ জন্মক্ষেত্ৰ হিচাবে পূৰ্বৰে পৰা দাবী জনাই আহিছিল ৰঙাজান আৰু লেটেকুপুখুৰী নামৰ দুখন থান সত্ৰই ৷ এই দুয়োখন থান সত্ৰই সুকীয়া সুকীয়াকৈ মাধৱদেৱৰ জন্মস্থানৰ নামত পৰিচালনা সমিতি গঠন কৰি বেলেগে বেলেগে থান সত্ৰ উন্নয়নৰ কামত সহায় আগবঢ়াই আছিল ৷ এই বিষয়টোৱে সমগ্ৰ অসমতে এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি আহিছিল ৷

অসমবাসীয়ে প্ৰকৃততে মাধৱদেৱ গুৰুজনাৰ প্ৰকৃত জন্মক্ষেত্ৰ আচলতে কোনখন থানত এই লৈ নানান সৰৱ চৰ্চা চলাই আহিছিল ৷ এনেবোৰ বাক বিতণ্ডাৰ ওৰ পেলোৱাৰ মহৎ উদেশ্য আগত ৰাখি বিগত ২৮ মে’ত নাৰায়ণপুৰত অৱস্থিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ অতিথিশালাত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী জনাৰ্দন দেৱ গোস্বামী, বিধায়ক ড° অমিয় কুমাৰ ভূঞা, দুয়োখন থানৰ বিষয় ববীয়া, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ প্ৰমুখ্যে সচেতন মহলৰ সৈতে সকলো এক আলোচনাত মিলিত হয় ৷

আলোচনাৰ অন্তত সকলোৰে সদিচ্ছামৰ্মে ৰঙাজান আৰু লেটেকুপুখুৰী দুয়োখন থানেই গুৰুজনাৰ জন্মক্ষেত্ৰৰ সমবিকাশ আৰু উন্নয়নৰ বাবে সকলো মনোমালিন্য পৰিহাৰ কৰি থান দুখনক সমবিকাশ আৰু সম উন্নয়নৰ যোগেদি এক সৰ্বাংগ সুন্দৰ সাংস্কৃতিক পৰ্যটন থলীলৈ উন্নীত কৰাৰ বাবে সিদ্ধান্ত হয় ৷ এতিয়া দুয়োখন থানৰ বিষয়ববীয়া সকলক সামৰি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ জন্মক্ষেত্ৰ উন্নয়ন সমিতি নামাকৰণেৰে এখন সমিতি গঠন কৰি সমূহীয়াভাৱে থান সত্ৰখনি উন্নয়নৰ হকে সকলোৱ ককালত টঙালি বান্ধি লৈছে ৷

এনে এক সু সংবাদতে অহা ৪ আৰু ৫ জুনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান উন্নয়ন সমিতিৰ সৌজন্যত আৰু থান পৰিচালনা সমিতিৰ সহযোগত মাধৱদেৱ গুৰুজনাৰ ৫৩৫ সংখ্যক আবিৰ্ভাৱ মহোৎসৱভাগি উদযাপনৰ ব্যাপক প্ৰস্তুতি চলিছে (Sri Sri Madhabdev birth anniversary) ৷ শুকুৰবাৰে এই উন্নয়ন সমিতিয়ে বিহপুৰীয়া আৱৰ্ত্ত ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি এই সমগ্ৰ বিষয়টো অৱগত কৰি গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱৰ দুয়ো দিনৰ কাৰ্যসূচীত সকলো ৰাইজৰে একান্ত উপস্থিতি কামনা কৰিছে ৷ সংবাদমেলত দুয়োখন থান পৰিচালনা সমিতিৰ হৈ সত্ৰাধিকাৰ জৰ্নাদন দেৱগোস্বামীয়ে মহাপুৰুষজনাৰ আৱিৰ্ভাৱ মহোৎসৱৰ দিনা অসমৰ প্ৰতিঘৰতে এগচি বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : Flood situation at Dhemaji: সমাগত বাৰিষা; ঘৰে ঘৰে নাওঁ নিৰ্মাণত ব্যস্ত ধেমাজি লেচাং চেঙামাৰীবাসী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.