ETV Bharat / state

Anti Tobacco Campaign : লখিমপুৰত ধঁপাত বিৰোধী অভিযানৰ প্ৰস্তুতি

এইবাৰ লখিমপুৰত চলিব ধঁপাত বিৰোধী অভিযান(Anti tobacco campaign in Lakhimpur) । ৭ ডিচেম্বৰৰ পৰা চলিব এই অভিযান ৷ জিলাখনত প্ৰথমবাৰৰ বাবে অতি জোৰদাৰ ৰূপত এই অভিযান চলোৱাৰ বাবে প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগে প্ৰস্তুতি চলাইছে ।

লখিমপুৰত ধপাত বিৰোধী অভিযানৰ প্ৰস্তুতি
লখিমপুৰত ধঁপাত বিৰোধী অভিযানৰ প্ৰস্তুতি
author img

By

Published : Dec 4, 2021, 9:54 AM IST

লখিমপুৰ, 4 ডিচেম্বৰ : মদ, ভাং, ড্ৰাগছ নহয়, এইবাৰ লখিমপুৰত চলিব ধঁপাত বিৰোধী অভিযান(Anti tobacco campaign in Lakhimpur) । তাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পুর্ণ কৰি তোলা হৈছে । আৰক্ষী, স্বাস্থ্য বিভাগ আৰু লখিমপুৰ জিলা প্ৰশাসন (District Administration Lakhimpur)ৰ যৌথ উদ্যোগত সমগ্ৰ জিলাতে চলিব এই অভিযান ।

৭ ডিচেম্বৰৰ পৰা চলিবলগীয়া এই অভিযান ধঁপাত বিৰোধী আইন 2003(Cigarette and other Tobacco Products Act 2003) ৰ আধাৰত জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ(Lakhimpur District Tobacco Control Cell)ৰ উদ্যোগত চলিব ।

লখিমপুৰত ধঁপাত বিৰোধী অভিযানৰ প্ৰস্তুতি

মুঠ ৩৩ টা ধাৰা সন্নিবিষ্ট আইনখনৰ ৪ নং ধাৰা, ৬ নং ধাৰা(ক) আৰু (খ) মতে মুকলিকৈ ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰা, শৈক্ষিক অনুষ্ঠানৰ পৰা তিনিশ ফুট ব্যাসার্ধত এনে সামগ্ৰী বিক্ৰী কৰা, ৰাজহুৱা স্থানত ধুমপান কৰা আদিৰ বিৰুদ্ধে জিলাখনত চলিব তীব্ৰ অভিযান । লখিমপুৰ জিলাত প্ৰথমবাৰৰ বাবে অতি জোৰদাৰ ৰূপত এই অভিযান চলোৱাৰ বাবে প্ৰশাসন, আৰক্ষী আৰু স্বাস্থ্য বিভাগে প্ৰস্তুতি চলাইছে ।

অবৈধ সুৰা, ভাং, ড্ৰাগছ, নকল সোণ আদিৰ বিৰুদ্ধে অবিৰত অভিযান চলি থকা জিলাখনত এইবাৰ চলিবলগীয়া ধঁপাত বিৰোধী অভিযানৰ জৰিয়তে সমাজ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাৰ বাবে কৰ্তৃপক্ষই সকলোৰে সহযোগিতা কামনা কৰিছে ।

লগতে পঢ়ক: নিচামুক্তি অভিযানত ৰাজ্য চৰকাৰক সহায় কৰিব কেন্দ্ৰই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.