বিহপুৰীয়া,29 এপ্ৰিল: এইবাৰ প্ৰতিবাদত বঢ়িল বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ৷ লখিমপুৰ জিলাত বৃদ্ধি পোৱা অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰাত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ বিৰুদ্ধে বিহপুৰীয়া নগৰত বৃহস্পতিবাৰে তিনিঘণ্টাৰ বাবে ধৰ্মঘটত বহিল বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকী ৷
উল্লেখ্য যে, বিগত 26 এপ্ৰিলত বিহপুৰীয়া নগৰত সংঘটিত গুলীচালনাৰ ঘটনাত জড়িত অপৰাধীক কৰায়ত্ত কৰাত আৰক্ষী প্ৰশাসনৰ ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে বৰ্ষীয়ান ৰাজনীতিবিদ গৰাকীয়ে ৷ বিগত 26 এপ্ৰিলৰ দিনা বিহপুৰীয়া এপেক্স বেংকৰ ধন সংগ্ৰহ কৰি উভতাৰ সময়ত গৌৰাংগ দে নামৰ এজন লোকৰ পৰা দুজন দুৰ্বৃত্তই 2 লাখ 52 হেজাৰ টকা লুট কৰি নিয়াৰ চেষ্টা চলায় ৷ সেই সময়তে ৰিজু দাস নামৰ আন এজন যুৱকে বাধা দিয়াত দূৰ্বৃত্তৰ দলটিয়ে দাসক উদ্দেশ্যি গুলীচালনা কৰে ৷ যাৰ ফলত ব্যক্তি গৰাকী বৰ্তমানেও অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ত চিকিৎসাধীন হৈ আছে ৷
কিন্তু পৰিতাপৰ বিষয় যে, বৰ্তমানেও দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই লখিমপুৰ আৰক্ষীয়ে ৷ যাৰ বিৰুদ্ধে বৃহস্পতিবাৰে প্ৰতিবাদত বহিল বৰ্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন শিক্ষামন্ত্ৰী প্ৰেমধৰ বৰা ৷
লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয়ত অক্সিজেন উৎপাদনকাৰী প্লাণ্ট মুকলি