ETV Bharat / state

Pradesh Congress PC: চৰকাৰী পক্ষৰ ভয়-ভাবুকিলৈ কেৰেপ নকৰে কংগ্ৰেছে ! - চৰকাৰী পক্ষৰ ভয় ভাবুকিলৈ কেৰেপ নকৰে কংগ্ৰেছে

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছৰে পৰাই কংগ্রেছ দলে বিভিন্ন পন্থাৰে নিৰন্তৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে (Protest against Rahul Gandhi dismissed as MP) । শুকুৰবাৰে এই লৈ ৰাজ্যজুৰি সংবাদ মেলৰ আয়োজন কৰে কংগ্রেছে । নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱতো জিলা কংগ্রেছে আয়োজন কৰে এখনি সংবাদমেলৰ । এই সংবাদ মেলত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্রেছৰ নেতৃত্বই বিজেপি দলক চোকা সমালোচনা কৰে ।

Pradesh Congress press conference in Lakhimpur
চৰকাৰী পক্ষৰ ভয়-ভাবুকিলৈ কেৰেপ নকৰে কংগ্ৰেছে !
author img

By

Published : Mar 31, 2023, 9:55 PM IST

চৰকাৰী পক্ষৰ ভয়-ভাবুকিলৈ কেৰেপ নকৰে কংগ্ৰেছে !

লখিমপুৰ,৩১ মাৰ্চ: "বিজেপিয়ে যিমান ষড়যন্ত্র কৰিলেও, যিমান ভয় ভাবুকি দিলেও ৰাহুল গান্ধীৰ কথা বাদেই কংগ্রেছৰ বুথ সভাপতি এজনৰো মূখ বন্ধ কৰিব নোৱাৰে । বিজেপিয়ে চৰকাৰী এজেন্সীসমূহৰ জৰিয়তে কংগ্রেছক মষিমূৰ কৰিবলৈ কৰা প্ৰচেষ্টা অথলে যাব । কংগ্রেছ দলে দেশৰ য’তেই দুৰ্নীতি হ'ব তাতেই শক্তিশালী কন্ঠৰে মাত মাতি যাব । চৰকাৰী পক্ষৰ কোনো ভয়-ভাবুকি লৈ কংগ্রেছ দলে কেৰেপ নকৰে ।"

লখিমপুৰত শুকুৰবাৰে জিলা কংগ্রেছৰ উদ্যোগত প্ৰেছ ক্লাৱত আয়োজিত এখন সংবাদমেলত এইদৰে হুংকাৰ দিয়ে প্ৰদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক ড৹ সঞ্জু বৰুৱাই । বিজেপিৰ অপশাসনৰ বিৰুদ্ধে শুকুৰবাৰে কংগ্রেছ দলে ৰাজ্যজুৰি সংবাদমেলৰ আয়োজন কৰে (Protest against Rahul Gandhi dismissed as MP) । অনুসৰি লখিমপুৰৰ সংবাদমেলত জিলা কংগ্রেছৰ নেতৃত্বৰ উপস্থিতিত প্ৰদেশ কংগ্রেছৰ সম্পাদক সঞ্জু বৰুৱাই অংশগ্রহণ কৰি বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰা পৰিলক্ষিত হয় (Pradesh Congress PC)।

তেওঁ কয় যে বিজেপিৰ মিথ্যাচাৰ, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বৈৰাচাৰ বৰ বেছি দিন টিকি নাথাকে । দলটোৰ এনে কৰ্মকাণ্ড ৰাইজে কেতিয়াও সহ্য নকৰে । ইতিমধ্যে ৰাইজে দলটোৰ স্বৰূপ বুজি উঠিছে । অনাগত সময়ত বিজেপিয়ে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব । ষড়যন্ত্রমূলকভাৱে ৰাহুল গান্ধীৰ ওপৰত কৰা নিৰ্যাতনৰ বাবে এসময়ত দলটো জবাবদিহি হোৱাই নহয় দলটোক ৰাইজে বেয়াকৈ প্ৰত্যাখ্যান কৰিব বুলিও প্ৰদেশ কংগ্রেছৰ সম্পাদকগৰাকীয়ে উল্লেখ কৰে (Pradesh Congress press conference in Lakhimpur) ।

সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি তেওঁ এআইইউডিএফ দলৰে কংগ্রেছৰ মিত্রতাৰ প্ৰসংগতো আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে বিজেপি আৰু এআইইউডিএফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি । আগন্তুক সময়ত বিজেপিয়ে আসন কম পালে এআইইউডিএফৰ সৈতে মিলি চৰকাৰ গঠনৰ পাং পাতি আছে । কংগ্রেছৰ লগত এআইইউডিএফৰ মিত্রতা সম্ভব নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে ।

কংগ্রেছে বিজেপি চৰকাৰৰ ভাল কামত সমৰ্থন নিদিয়ে বুলি বৃহস্পতিবাৰে লখিমপুৰত মন্ত্রী অশোক সিংহালে তোলা অভিযোগৰ প্ৰত্যুত্তৰ দি প্ৰদেশ কংগ্রেছৰ সম্পাদকগৰাকীয়ে কয় স্বাস্থ্যবান গণতন্ত্রৰ বাবে চৰকাৰে কৰা কাম-কাজত বিৰোধী দলে তীক্ষ্ণ দৃষ্টি ৰখাটো প্ৰয়োজন । এইয়া বিৰোধী দলৰ কৰ্তব্য । ভাল কামৰ তোষামোদ কৰি থকাটো বিৰোধী দলৰ কৰ্তব্য নহয় ।

অসমত আহি থকা দিনত ভূপেন বৰাৰ নেতৃত্বত কংগ্রেছৰ চৰকাৰ হ'ব বুলিও তেওঁ মন্তব্য কৰে । এপিএছচিৰ কেলেংকাৰীৰ নায়ক ৰাকেশ পাল মুকলিলৈ অহাৰ সময়তে ৰাহুল গান্ধীৰ জেল যাত্রাৰ প্ৰস্তুতিৰ কিবা এক যোগসূত্র আছে বুলি তেওঁ অভিযোগ তুলি কয় ৰাকেশ পাল মুকলিলৈ অহাৰ সময়ত অনাথ বন্ধু ভট্টাচার্য নামৰ এজন বিজেপিৰ সদস্যই গামোচা পিন্ধাই আদৰণি জনাইছিল ।

ইয়েই দুৰ্নীতি ভষ্ট্ৰাচাৰীৰ লগত বিজেপি ৰ হলি গলি প্ৰমাণ কৰি তুলিছে ৷ বিভিন্ন প্ৰসংগত উত্তৰ দি তেওঁ আৰু কয় কংগ্রেছে সমষ্টি পুনৰ গঠনত বিৰোধিতা কৰা নাই । কিন্তু শেহতীয়া জৰীপৰ ভিত্তিতহে সমষ্টি পুনৰগঠনৰ দাবী জনাইছে । লখিমপুৰ জিলাত ২০ কোটি টকাৰ এক বৃহৎ কেলেংকাৰী সংঘটিত হোৱা বুলি তেওঁ অভিযোগ তুলি অচিৰেই সেই কেলেংকাৰী পোহৰলৈ আনিব বুলি কয় ।

সংবাদ মেল খনত জিলা কংগ্রেছ ৰ সভাপতি গগন বৰা, প্ৰাক্তন বিধায়ক ঘন বুঢ়াগোহাঁই, প্ৰদেশ কংগ্রেছ ৰ সম্পাদক জিন্টু হাজৰিকা, জিলা কংগ্রেছ ৰ প্ৰশাসনিক সম্পাদক গংগা জ্যোতি টায়েগাম, উপ সভাপতি বাহাৰুল ইছলাম, মিডিয়া বিভাগৰ জিলা ৰ সম্পাদক প্ৰশান্ত গগৈ, প্ৰদেশ কংগ্রেছ ৰ মিডিয়া বিভাগৰ সমন্বয় ক মোস্তাক গুলাম কুৰেছি আদিয়ে অংশগ্রহণ কৰে ।

লগতে পঢ়ক: Lovlina Borgohain: বক্সিং চেম্পিয়ন লাভলীনাক অসম আৰক্ষীৰ সম্বৰ্ধনা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.