ETV Bharat / state

মন্ত্ৰী নৱ কুমাৰ দলেৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ

author img

By

Published : Oct 12, 2020, 12:40 PM IST

লখিমপুৰ জিলাত উন্নয়নৰ ফোপোলা স্বৰূপ ৷ দৰিদ্ৰ লোকক ঢুকি পোৱা নাই আঁচনিয়ে ৷ আনহাতে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামতো জিলাখনত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷

Poor Family In Lakhimpur District
মন্ত্ৰী নৱ কুমাৰ দলেৰ সমষ্টিত উন্নয়নৰ ফোপোলা স্বৰূপ

লখিমপুৰ, 12 অক্টোবৰ : মন্ত্ৰী নৱ কুমাৰ দলেৰ সমষ্টিত উন্নয়নৰ ফোপোলা ছবি ৷ কুৰি বছৰে তিৰপালৰ তম্বুৰ তলত দুৰ্বিসহ জীৱন যাপন দুৰ্ভগীয়া দম্পতীৰ । লখিমপুৰ জিলাৰ চাউলধোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত থেকেৰাগুৰিৰ ৰাজীৱ নাথ আৰু মণিকা নাথ নামৰ দম্পতীয়ে দিন হাজিৰা কৰি পেটৰ ভাত মোকোলাই আহিছে ৷ এদিন কামলৈ নগ'লে তেওঁলোকৰ উপাৰ্জন বন্ধ হৈ পৰে ৷

কিন্তু পৰিতাপৰ কথা যে, স্থানীয় বিধায়ক তথা ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী নৱ কুমাৰ দলেক বহুবাৰ পৰিয়ালটিক সহায় কৰাৰ বাবে গুৰুত্ব প্ৰদান কৰিছিল যদিও কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ ৷ যাৰবাবে দৰিদ্ৰ পৰিয়ালটি বিগত বহু বছৰ ধৰি নৰক সদৃশ পৰিবেশত বসবাস কৰিব লগা হৈছে ৷

লগতে পঢ়ক : আজিৰে পৰাই সম্পূৰ্ণ উপস্থিতিৰে পূৰ্ণগতিত কাম কৰিব উচ্চতম ন্যায়ালয়ে

আনহাতে, মন্ত্ৰী নৱ কুমাৰ দলেৰ সমষ্টিত চৰকাৰী আৱাসগৃহ নিৰ্মানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে । হিতাধিকাৰীৰ একাউণ্টৰ পৰা ধন আত্মসাৎ কৰাৰ অভিযোগ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে । জিলাখনৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত থৌ-থোৱানী গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত সংঘটিত হৈছে এই দুৰ্নীতি ।

অভিযোগ অনুসৰি, ৱাৰ্ড সদস্যা লিপিকা সোণোৱাল বুঢ়াগোঁহাইৰ তত্বাৱধানত নিৰ্মাণ কৰা আৱাস যোজনাৰ গৃহত এজাক বৰষুণ দিলেই সোমাই পানী । চক্ৰ বাহাদুৰ বিশ্বকৰ্মা আৰু কলিমাই বিশ্বকৰ্মাৰ নামত সম্পূৰ্ণ কৰিব লগা গৃহটোত নিম্নমানৰ টিনপাত, ঘূনেধৰা কাঠ ব্যৱহাৰ কৰি বিপুল পৰিমাণৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে । ইফালে, ধন হৰলুকি কৰি হিতাধিকাৰীৰ পাচবুক আৰু এটিএম ঘূৰাই দিয়ে ৱাৰ্ড সদস্যা গৰাকীয়ে ।

লগতে পঢ়ক : আজি নেচিপু সুৰংগৰ আধাৰশিলা স্থাপন কৰিব প্ৰতিৰক্ষা মন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.