ETV Bharat / state

জটিল ৰোগত আক্ৰান্ত মহিলাৰ বাবে সহায় মাগিলে পৰিয়ালে - medical treatment

জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত দুই সন্তানৰ মাতৃ । সহায় ভিক্ষা অসহায় পৰিয়ালৰ । চিকিৎসা কৰি সৰ্বস্বান্ত হৈ এতিয়া চৰকাৰ তথা ৰাইজৰ মুখলৈ চাবলৈ বাধ্য হৈছে পৰিয়ালটো ৷

medical treatment
medical treatment
author img

By

Published : Sep 11, 2020, 12:43 PM IST

লখিমপুৰ, 11 ছেপ্টেম্বৰ : এগৰাকী মহিলাৰ কৰুণ কাহিনী ৷ জটিল ৰোগত আক্ৰান্ত হৈ শয্যাগত হ’ব লগীয়া হৈছে লখিমপুৰ জিলাৰ নাওবৈচা বিধানসভা সমষ্টি ৰ ১নং দিজু পথাৰ গাঁৱৰ নিবাসী ২৭ বছৰীয়া জামেনা খাটুন ৷ ৬ মাহ পূৰ্বৰে পৰা জটিল ৰোগত আক্রান্ত হৈ লখিমপুৰত চিকিৎসা কৰাই থকাৰ মাজতে ঘৰে মাটি বিক্রী কৰি সৰ্বস্বান্ত হৈ পৰিছে দিন হাজিৰা কৰি খোৱা দৰিদ্ৰ পৰিয়ালটো ৷

চিকিৎসা কৰোৱাৰ পাচতো স্বাস্থ্যৰ কোনোধৰণৰ উন্নতি নহ'ল জামেনা খাটুনৰ । শেহতীয়াকৈ চিকিৎসকে জনোৱা অনুসৰি অতি শীঘ্ৰে উন্নত চিকিৎসাৰ বাবে জামেনাক নিব লাগিব গুৱাহাটীলৈ ৷

medical treatment
জটিল ৰোগত আক্ৰান্ত মহিলাৰ বাবে সহায় মাগিলে পৰিয়ালে
কিন্তু মহিলাগৰাকীক গুৱাহাটীলৈ নি চিকিৎসা কৰিবলৈ সামৰ্থ নাই পৰিয়ালটোৰ ৷ যাৰবাবে স্বাস্থ্যমন্ত্রী, চৰকাৰ তথা প্ৰশাসন সকলোৰে সহায় বিছাৰিছে পৰিয়ালটোৱে । কোনো সদাশয় ব্যক্তিয়ে যদি আৰ্থিক সাহায্য দিব বিচাৰে তেন্তে অসম গ্ৰামীন বিকাশ বেংকৰ ৭০২০০২৬০১৫০৫৫ নম্বৰৰ এই একাউন্টত অথবা মোবাইল নম্বৰ ৮১৩৩০১৭৩৬৮ নম্বৰত যোগাযোগ কৰি সহায় কৰিব পৰিব ।

লগতে পঢ়ক : গণভিত্তি চাইহে নিৰ্বাচনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কংগ্ৰেছে

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.