নাওবৈচা, 12 আগষ্ট : স্বাস্থ্য কেন্দ্ৰ নহয় যেন ভূত বাংলাহে ৷ বিহপুৰীয়াৰ অন্তৰ্গত বৰবালিৰ পশু উপস্বাস্থ্য কেন্দ্ৰ(Veterinary Sub Centre)টোৰ অৱস্থাও ঠিক ভূত বাংলাৰ দৰেই ৷ বিগত 20 টা বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে এই চৰকাৰী উপস্বাস্থ্য কেন্দ্ৰটো ৷ বৃহত্তৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত এই পশু উপস্বাস্থ্য কেন্দ্ৰটো দেখিলে আপোনাৰো নিশ্চয় চকু কপালত উঠিব ৷
পশু স্বাস্থ্য কেন্দ্ৰটোৰ দুৰাৱস্থা দেখি কোনো পশু চিকিৎসক আৰু কৰ্মচাৰীয়ে কাম কৰিব নিবিচাৰে ভূত বাংলাৰ লেখীয়া পশু উপস্বাস্থ্য কেন্দ্ৰটোত ৷ ইয়াৰ লগতে পশু পালনেৰে স্বাৱলম্বী হোৱাৰ পথ বাছি লোৱা একাংশ যুৱকৰো এতিয়া সপোন ধূলিস্যাৎ হোৱাৰ দিশে ৷ পশুধনৰ স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিছে বৃহত্তৰ বৰবালি অঞ্চলৰ গো-পালকসকলে ।
লগতে পঢ়ক : বিটিআৰত গাঁৱলৈ যাওঁ বলক...
উল্লেখ্য যে, বিগত সময়চোৱাত চবকা ৰোগত আক্ৰান্ত হৈ অঞ্চলটোত মৃত্যু হৈছিল বহু পশুধনৰ । উপায়বিহীন হৈ অঞ্চলটোৰ বহু গো-পালকে পশুধনসমূহ কম মূল্যত বিক্ৰী কৰি দিবলৈ বাধ্য হৈছিল । কিন্তু তথাপিও বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নাই বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
ইফালে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই বিভিন্ন সময়ত গো-ধনসমূহক ৰোগৰ পৰা সুৰক্ষা দিবৰ বাবে প্ৰতিষেধক(Vaccine)ৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু তাৰ বিপৰীতে পশু উপস্বাস্থ্য কেন্দ্ৰৰ দুৰাৱস্থাই বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত অমনোযোগিতা তথা হেমাহিৰ ছবিখন উদঙাই দিছে ।
লগতে পঢ়ক : কণমানি কুমকুম পেগুৰ অপহৰণৰ আঁৰত কোন ?