নাওবৈচা,14 মে’ : ৰাজ্যত ক’ভিড সংক্ৰমণে ভয়ংকৰ ৰূপ লোৱাৰ মাজতে ক’ভিড সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা নতুন নীতি-নিয়মক লৈ কঠোৰ হৈ পৰিছে নাওবৈচা আৰক্ষী । ক’ভিডৰ দ্বিতীয় লহৰে আতংকময় পৰিস্থিতি সৃষ্টি কৰাৰ মাজতে লখিমপুৰৰ নাওবৈচাত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে ।
বৃহত্তৰ অঞ্চলটোৰ বহু লোকে এতিয়াও ক’ভিড প্ৰট’কল মানি চলা পৰিলক্ষিত হোৱা নাই । অঞ্চলটোত গুৰুত্বহীন হৈ পৰিছে সামাজিক দূৰত্ব মানি চলাৰ দৰে চৰকাৰী নিৰ্দেশনা । ইয়াৰ লগতে বহু লোকে মাস্ক পৰিধান নকৰি ঘূৰি ফুৰা পৰিলক্ষিত হৈছে ৷
ক’ভিডৰ নতুন নীতি-নিয়ম নমনা একাংশ লোকৰ বিৰুদ্ধে বৃহস্পতিবাৰে নাওবৈচাৰ ব্যৱসায়িক কেন্দ্ৰস্থলৰ লগতে বিভিন্ন অঞ্চলত কঠোৰ স্থিতি গ্ৰহণ কৰে আৰক্ষীয়ে । নাওবৈচাৰ বিভিন্ন ব্যৱসায়িক কেন্দ্ৰস্থলৰ লগতে গড়ছিগা সাপ্তাহিক বজাৰত ক’ভিডৰ নীতি-নিয়ম নমনাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলায় ।
নাওবৈচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰসন্ন চহৰীয়াৰ উপস্থিতিত আৰক্ষীৰ এটা দলে নাওবৈচাত ক'ভিড প্ৰট'কল নামানি মাস্ক নিপিন্ধা, অনৰ্থকভাৱে দোকান-পোহাৰৰ সন্মুখত জুম বান্ধি থকা, মটৰচাইকেলত দুজনকৈ উঠি অহা সকলক ব্যাপকভাৱে লাঠীচালনাৰে ছত্ৰভংগ দিয়ে ৷
উল্লেখ্য যে, নাওবৈচাৰ ৰাজপথ আৰু ব্যৱসায়িক কেন্দ্ৰস্থলসমূহত প্ৰায় 3 ঘণ্টাৰো অধিক সময় ধৰি স্থানীয় আৰক্ষীয়ে নতুন ক’ভিড প্ৰট’কল নমনাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে ৷
ইফালে সমগ্ৰ ৰাজ্যৰ লগতে নাওবৈচাতো ক’ভিডে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । অৱশ্যে এতিয়ালৈকে নাওবৈচাত ক’ভিডত কোনো লোকৰ মৃত্যু হোৱা নাই যদিও প্ৰায় তিনি শতাধিক লোক এই অতিমাৰীত আক্ৰান্ত হৈছে ।
লগতে পঢ়ক : নতুন SOP ক লৈ কলগাছিয়াত কঠোৰ জিলা প্ৰশাসন