ETV Bharat / state

বিহপুৰীয়াত বান পৰিদৰ্শন জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ - water resource minister pijosh hazarika

বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ঘূণাগুৰি ঘাটৰ সোৱণশিৰিৰ গৰা খহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ বান পৰিদৰ্শন কৰি নিৰ্মাণ কাৰ্যৰ লগত জড়িত ঠিকাদাৰ আৰু চৰকাৰী কৰ্মচাৰী সকলক উন্নত মানদণ্ডৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবিলৈ নিৰ্দেশ প্ৰদান মন্ত্ৰাগৰাকীৰ ৷

বিহপুৰীয়াত বান পৰিদৰ্শন জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

author img

By

Published : May 29, 2021, 10:51 PM IST

বিহপুৰীয়া, 29 মে' : অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শনিবাৰে বিয়লি বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ঘূণাগুৰি ঘাটৰ সোৱণশিৰিৰ গৰা খহনীয়া পৰিদৰ্শন কৰে ৷ জল সম্পদ মন্ত্ৰীগৰাকীয়ে বিহপুৰীয়া ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যাৰ বুজ লয় ।

পৰিৰ্দশনৰ সময়ত তেখেতৰ লগত লখিমপুৰ জিলাৰ সাংসদ প্ৰদান বৰুৱা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিহপুৰীয়াৰ বিধায়ক ডাঃ অমিয় কুমাৰ ভূঞাৰ লগতে জল সম্পদ বিভাগৰ বহুকেইগৰাকী উচ্চপদস্থ বিষয়াই সংগ দিয়ে ।

বিহপুৰীয়াত বান পৰিদৰ্শন জল সম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ

পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ নিৰ্মাণ কাৰ্যত জড়িত ঠিকাদাৰ আৰু চৰকাৰী কৰ্মচাৰী সকলক উন্নত মানদণ্ডৰে নিৰ্মাণ কাৰ্য সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷ চলিত বৰ্ষত অস্থায়ীভাবে বাঁহৰ পাৰ্কোপাইনেৰে খহনীয়া ৰোধ কৰা হ'ব আৰু পৰৱৰ্তী সময়ত পানী কমিলে স্থায়ীভাৱে খহনীয়াৰ সমস্যা সমাধান কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ৷

শুকুৰবাৰৰ ভিতৰত ধূনাগুৰিৰ মাথাউৰিত পাৰ্কোপাইন দিয়াৰ কাম সম্পূৰ্ণ হ'ব লাগিব বুলি বিভাগীয় বিষয়াক নিৰ্দেশ প্ৰদান কৰে ৷ পৰৱৰ্তী শুকুৰবাৰে পুনৰ মন্ত্ৰীগৰাকীয়ে গৰাখহনীয়াৰ কাম পৰ্যবেক্ষণ কৰাৰ অহাৰ কথা অৱগত কৰে ৷ অসমৰ বান গৰাখহনীয়া সমস্যাৰ সমাধান নতুন চৰকাৰে আন্তৰিকতাৰে কৰিব বুলিও উল্লেখ কৰে ৷

লগতে পঢ়ক : গহপুৰৰ ৰাজপথত দাউদাউকৈ জ্বলিল মটৰ চাইকেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.