ETV Bharat / state

নীপকোৰ পানী বৰ্জন সন্দৰ্ভত কি ক’লে পীযুষ হাজৰিকাই ?

author img

By

Published : Jun 6, 2021, 10:53 PM IST

নীপকোৱে পৰিকল্পিতভাৱে পানী এৰি দিয়া সম্পৰ্কে নীপকোৰে আলোচনা অব্যাহত ৰাখিছে ৰাজ্য চৰকাৰে ৷ দেওবাৰে নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত কালৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰি এই কথা ব্যক্ত কৰে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ লগতে বনপুৰৈ-জামুগুৰি অঞ্চলৰ খহনীয়া অস্থায়ীভাৱে হ’লেও ৰোধ কৰাৰ প্ৰতিশ্ৰুতি মন্ত্ৰী হাজৰিকাৰ ৷

pijush hazarika react on neepko
পীযুষ হাজৰিকাৰ নীপকো সন্দৰ্ভত প্ৰতিক্ৰিয়া

বিহপুৰীয়া,6 জুন : নীপকোৱে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ৷ দেওবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত কালৰূপ ধাৰণ কৰা ব্ৰহ্মপুত্ৰৰ খহনীয়া পৰিদৰ্শন কৰি নীপকো সন্দৰ্ভত মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয় যে, ৰাজ্যত বিজুলী লাগিব, যাৰ বাবে নীপকোৰ প্ৰয়োজন আছে ৷ ইয়াৰ লগে লগে পৰিকল্পিতভাৱে পানী এৰি দিয়া সম্পৰ্কে নীপকোৰে আলোচনা অব্যাহত আছে ৰাজ্য চৰকাৰৰ ৷ যধে-মধে পানী এৰি দিয়াৰ ফলত যাতে নৈপৰীয়া ৰাইজৰ ক্ষতিসাধন নহয়, তাৰ বাবে চৰকাৰে আলোচনা কৰি আছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী হাজৰিকাই ৷

আনহাতে গৰাখহনীয়া সন্দৰ্ভত তেওঁ কয় যে, ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়াত নিশ্চিহ্ন হোৱাৰ উপক্ৰম ঘটা বৃহত্তৰ বনপুৰৈ-জামুগুৰি অঞ্চলৰ ৰক্ষাকৱচস্বৰূপ জামুগুৰি-আৰিমৰা সংযোগী বৃহৎ মথাউৰিটোৰ খহনীয়া প্ৰতিৰোধৰ বাবে ইতিমধ্যে জলসম্পদ বিভাগে অব্যাহত ৰাখিছে কাম-কাজ । খহনীয়াস্থলী পৰিদৰ্শন কৰি যিকোনো প্ৰকাৰে খহনীয়া প্ৰতিৰোধ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । গৰাখহনীয়াৰ কবলৰ পৰা মথাউৰিটো অস্থায়ীভাৱে হ’লেও ৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰী পীযুষ হাজৰিকাই ৷

লগতে পঢ়ক : ভেকচিনৰ বাবে ৰাজ্যৰ জিলাই জিলাই হাহাকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.