ETV Bharat / state

কংগ্ৰেছৰ চৰকাৰ হোৱাটো অলীক কল্পনা: পীযুষ হাজৰিকা

author img

By

Published : Mar 21, 2021, 9:39 PM IST

মন্ত্রী পীযুষ হাজৰিকাই মহাজোঁটক এটা প্ৰকাণ্ড আলু পিটিকা বুলি বিদ্ৰুপ কৰে । তেওঁ এআইইউডিএফ-ৰ প্ৰধান বদৰুদ্দিন আজমলক সমালোচনা কৰি কংগ্ৰেছ ক্ষমতালৈ আহিলে আজমল গৃহমন্ত্ৰী হ’ব বুলি মন্তব্য কৰে ।

Pijush Hazarika Election Campaign at Lakhimpur
অসমত কংগ্ৰেছৰ চৰকাৰ হোৱাটো আকাশত চাংপতাৰ দৰে অলীক কল্পনা : পীয়ুশ হাজৰিকা

লখিমপুৰ,২১ মাৰ্চ : লখিমপুৰ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মানৱ ডেকাৰ হৈ মন্ত্রী পীযুষ হাজৰিকাই দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় । মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ লগতে বদৰুদ্দিন আজমলক তীব্র ভাষাৰে সমালোচনা কৰি ভাষণ দিয়ে । তেওঁ অসমত কংগ্ৰেছৰ চৰকাৰ হোৱাটো আকাশত চাং পতাৰ দৰে অলীক কল্পনা বুলি অভিহিত কৰি এইবাৰ পুনৰ বিজেপিয়েই চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে । মন্ত্ৰীগৰাকীয়ে মহাজোঁটক এটা প্ৰকাণ্ড আলু পিটিকা বুলিও বিদ্ৰুপ কৰে । আনহাতে এআইইউডিএফ-ৰ প্ৰধান বদৰুদ্দিন আজমলক সমালোচনা কৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, তেওঁলোক ক্ষমতালৈ আহিলে আজমল গৃহমন্ত্ৰী হ’ব । ফলত ৰাজ্যত চোৰ-ডকাইতৰ তাণ্ডব বাঢ়িব ।

পীযুষ হাজৰিকাই লগতে তেওঁলোক জয়ী হ’লে লখিমপুৰৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে থকা প্ৰভাৱশালী মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বিশেষ উদ্যোগ ল’ব বুলি ৰাইজক আশ্বাস দি সমষ্টিটোৰ দলীয় প্ৰাৰ্থী মানৱ ডেকাক ভোট দিবলৈ আহ্বান জনায় । উল্লেখ্য মানৱ ডেকাৰ হৈ সমষ্টিটোত মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল, পীযুষ হজৰিকা, হিমন্ত বিশ্ব শৰ্মাই অহৰহ প্ৰচাৰ চলাই আহিছে । দলটোৰ এনে জোৰদাৰ প্ৰচাৰত ৰাইজে কেনেদৰে সঁহাৰি জনাই সেয়া ২৭ মাৰ্চত সমষ্টিটোৰ ১,৮৫,৮৩৫ জন ভোটাৰে নিৰ্ণয় কৰিব ।

লগতে পঢ়ক : সুস্থ সাংবাদিকতা অবিহনে গণতন্ত্ৰ অসম্পূৰ্ণ: জিতেন্দ্ৰ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.