লখিমপুৰ,18 মাৰ্চ : ভোট বৰ্জনৰ হুংকাৰ তেজপুৰ লোকসভা সমষ্টিৰ একাংশ ভোটাৰৰ ৷ গৰাখহনীয়া ৰোধৰ স্থায়ী সমাধান
নোহোৱাৰ বাবে এই সিদ্ধান্ত বিহপুৰীয়া বিধানসভাৰ ধুনাগুৰীৰ ৰাইজৰ ৷
ইতিমধ্যে সোৱণশিৰিৰ বুকুত জাহ গৈছে মিচিং বসতি প্ৰধান বহু কেইখন গাঁও । কিন্তু আজিকোপতি সমাধান নহ'ল খহনীয়াৰ সমস্যা ৷ কেৱল এয়াই নহয়, চৰকাৰখনে গৰাখহনীয়া সমস্যাৰ ওপৰত গুৰুত্ব নিদি 2 কোটিত কৈ অধিক টকা ব্যয় কৰি নৈৰ কাষতে নিৰ্মাণ কৰিছে এটা মঠাউৰী । কিন্তু মথাউৰীৰ বিপৰীতে প্ৰথমে খহনীয়া ৰোধৰহে দাবী জনায় ৰাইজে ৷
স্থানীয় ৰাইজৰ অভিযোগ মতে, সোৱণশিৰিৰ পাৰত অপচয় হৈছে চৰকাৰী ধন । সময় থাকোতে গৰাখহনীয়াৰ সমস্যা সমাধান নকৰিলে এইবাৰ সোৱণশিৰি পাৰৰ 10 খনৰো অধিক গাঁৱৰ ৰাইজে মাটি-ভেটি হেৰুৱাব লাগিব বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে । নৈ পাৰত জলসম্পদ মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰি লোকসভা নিৰ্বাচন বৰ্জন কৰিব বুলি হুংকাৰ দিয়ে ৰাইজৰ লগতে মিচিং জাতীয় সংগঠন টি এম পি কে, এম এম কে আৰু টি এম এম কে সংগঠনে ।