ETV Bharat / state

হুঁচৰিৰ ধনেৰে নিৰ্মাণ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ

বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ 2নং বৰপথাৰ-জৰাবাৰী সংযোগী পথটো বিগত 30 বছৰেই জৰাজীৰ্ণ হৈ পৰি আছিল ৷ শেহতীয়াকৈ বিহুৰ সময়ত হুঁচৰি মাৰি সংগ্ৰহ কৰা ধনেৰে স্থানীয় যুৱকসকলে মেৰামতি কৰে পথটো ৷ যুৱকসকলৰ এই কামক সকলোৱে প্ৰশংসা কৰিছে ৷

author img

By

Published : Apr 21, 2019, 4:52 PM IST

হুঁচৰিৰ ধনেৰে নিৰ্মাণ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ

বিহপুৰীয়া, 21 এপ্ৰিলঃ বিহপুৰীয়াত দুই কিলোমিটাৰ দীঘল পথ নিৰ্মাণ কৰি সংবাদ শীৰ্ষত আহিছে বৰপথাৰ আৰু জৰাবাৰী গাঁৱৰ স্থানীয় যুৱক-যুৱতীসকল ৷ দুয়োখন গাঁৱৰ যুৱক-যুৱতীসকলে বিগত 30 বছৰে চৰকাৰে সম্পন্ন কৰিব নোৱাৰা কাম সম্পন্ন কৰি আদৰ্শ দাঙি ধৰিছে ৷

হুঁচৰিৰ ধনেৰে নিৰ্মাণ দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ

বিহুৰ সময়ত হুচৰি মাৰি সংগ্ৰহ কৰা সমষ্ট ধন এটি পথ নিৰ্মাণৰ বাবে দান কৰিছে ৷ কেৱল ধনেই নহয় পথটো নিৰ্মাণৰ বাবে শ্ৰমদানো কৰিছে স্থানীয় যুৱক-যুৱতীসকলে ৷ বিগত 30 বছৰে অনাদৃত হৈ পৰি থকা এই পথটো হৈছে বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ 2নং বৰপথাৰ-জৰাবাৰী সংযোগী পথ ৷ বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ ফলতে এইদৰে দুয়োখন গাঁৱৰ ডেকা-বৃদ্ধ সকলোৱে একগোট হৈ বিহু হুঁচৰি মাৰি সংগ্ৰহ কৰা ধনেৰে পথটো মেৰামতি কৰে ৷

Intro:জনপ্ৰতিনিধি প্ৰতিশ্ৰুতি ৰূপায়ণলৈ ৰৈ ৰৈ ধৈৰ্য্য হেৰোৱা নাৰায়ণপুৰৰ ২নং বৰপথাৰ-জৰাবাৰীৰ ৰাইজে নিজেই মেৰামতি কৰিবলৈ ওলাই আহিল বিধ্বস্ত পথ৷ হুচৰিৰ অৰিহনাৰ ধনৰ লগতে যিয়েই যেনেকৈ পাৰে আগবঢ়াইছে ধন৷ Body:বিহপুৰীয়াৰ সমষ্টিৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত এটা পথে জ্বলাকলা খোৱাই আহিছে দুখনকৈ গাঁৱৰ ৰাইজক৷ জনপ্ৰতিনিধিৰ চৰম গুৰুত্বহীনতাৰ ফলত বাৰিষা এজাক বৰষুনতেই বোকা-পানী হৈ প্ৰায় দুই কিলোমিটাৰৰ পথটো হৈ পৰে যাতায়তৰ বাবে অনুপযোগী৷ বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন-নিবেদন কৰাৰ পাছতো বছৰ বছৰ ধৰি পথটো উন্নত নোহোৱাত নাৰায়ণপুৰৰ ২নং বৰপথাৰ-জৰাবাৰী গাঁৱৰ ৰাইজে নিজেই মেৰামতিৰ কামত হাতত লৈছে৷ এই বহাগৰ বিহুত গাওঁবাসীয়ে হুচৰি গাই আহৰণ কৰা অৰিহনাৰ ধনেৰে আজি আৰম্ভ কৰে পথটোৰ মেৰামতিৰ কাম৷ হাতত কোৰ-বেলচা লৈ গাওঁ দুখনৰ সকলো পুৰুষ মহিলা ওলাই আহিল পথটিৰ নিৰ্মানৰ বাবে৷ গাওঁবাসীয়ে পুণৰ চৰকাৰক পথটি মানুুহ অহাযোৱা কৰিবৰ বাবে উপযোগী কৰি তোলাৰ বাবে অনুৰোধ জনাইছে৷Conclusion:চাণক্য বৰুৱা, বিহপুৰীয়া৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.