নাওবৈচা,21 চেপ্তেম্বৰ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে । এইক্ষেত্ৰত পিছপৰি ৰোৱা নাই শাসনাধিষ্ঠ বিজেপি দল ৷ ইতিমধ্যে দলটোৰ ৰাষ্ট্ৰীয়, ৰাজ্যিক বিষয়-ববীয়াসকলৰ লগতে বিভিন্ন জিলা পৰ্যায়ৰ নেতাই সাংগঠনিক দিশত কাম কৰা দেখা গৈছে । দলটোৰ লখিমপুৰ জিলাৰ সভাপতি ফণীধৰ বৰুৱাই জিলাখনৰ চাৰিটাকৈ বিধানসভা সমষ্টিত তৃণমূল পৰ্যায়ত দলটোৰ ভেটি সু-দৃঢ় কৰাত উঠি-পৰি লাগিছে । সমান্তৰালভাৱে দলটোত বিভিন্ন দলৰ কৰ্মী-নেতাক যোগদান কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে বৰুৱাই । জিলা সভাপতি গৰাকীয়ে দলটোৰ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মীক লগত লৈ ইতিমধ্যে নাওবৈচা সমষ্টিত হেৰুওৱা গৌৰৱ উদ্ধাৰ কৰাৰ লক্ষ্যৰে ব্যাপকভাৱে দলীয় কাম-কাজ কৰা পৰিলক্ষিত হৈছে । বিগত নিৰ্বাচনত মাত্ৰ কেইটামান ভোটৰ বাবে আসন হেৰুওৱা দলটোৱে এইবাৰ নিৰ্বাচনত যাতে তাৰ পুনৰাবৃত্তি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সমষ্টিটোত এতিয়াৰ পৰাই দলীয় কাম-কাজ বিশেষ তৎপৰতাৰে আৰম্ভ কৰিছে । এই উদ্দেশ্য সোমবাৰে সমষ্টিটোৰ ৰঙানদী পঞ্চায়তত নাওবৈচা মণ্ডল বিজেপিৰ উদ্যোগত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।
সভাখনত উপস্থিত থাকি জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাই দলটোক শক্তিশালী কৰি পৰৱৰ্তী নিৰ্বাচনত যাতে অভিলেখসংখ্যক ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে জয়লাভ কৰিব পাৰে তাৰ বাবে কৰ্মীসকলক দলটোৰ বাবে কাম কৰিবলৈ আহ্বান জনায় । উক্ত সভাতে গণশক্তি আৰু কংগ্ৰেছৰ দুৰ্গস্বৰূপ ৰঙানদী পঞ্চায়তত ব্যাপক খহনীয়াৰ সৃষ্টি কৰি দল দুটাৰ 86 গৰাকী নেতা-কৰ্মীয়ে বিজেপিত যোগদান কৰে ।
লগতে চাওকঃ নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ 9 গৰাকী শিক্ষাৰ্থীৰ দেহত COVID-19