ETV Bharat / state

নাৰায়ণপুৰত দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ

author img

By

Published : Oct 12, 2020, 3:19 PM IST

নাৰায়ণপুৰত দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ ৷ বিভিন্ন আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ কল্পনা সিং শইকীয়াৰ বিৰুদ্ধে ৷

কল্পনা সিং শইকীয়া
নাৰায়ণপুৰত দুৰ্নীতিগ্ৰস্ত পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে প্ৰতিবাদ

বিহপুৰীয়া, 12 অক্টোবৰ : নাৰায়ণপুৰত পঞ্চায়ত সভানেত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ । নাৰায়ণপুৰৰ গনকদলনি গাঁও পঞ্চায়তৰ সভানেত্ৰী কল্পনা সিংহ শইকীয়াৰ বিৰুদ্ধে অৰুণোদয় আঁচনিকে ধৰি পঞ্চায়তখনত সংঘটিত বিভিন্ন দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেইবা শতাধিক পুৰুষ-মহিলাই ৷

এম জি এনৰেগা আঁচনিৰ ধন আত্মসাৎ কৰাৰ লগতে আচঁনিৰ সিংহভাগ নিজৰ লগতে পুত্ৰ-স্বামীৰ দ্বাৰা ৰূপায়ণ কৰি ব্যাপক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন হৈছে সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে । প্ৰতিবাদী কাৰ্যসূচীত পঞ্চায়তখনৰ আঞ্চলিক সদস্যগৰাকীৰ লগতে একাংশ বিজেপি নেতা-কৰ্মীয়েও অংশগ্ৰহণ কৰে । উল্লেখ্য যে,আগতীয়াকৈ প্ৰতিবাদৰ খবৰ পাই সভানেত্ৰী কল্পনা সিংহ শইকীয়া আৰু সচিব গৰাকী পলায়ন কৰে বুলি প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে ।

লগতে পঢ়ক : নলবাৰীত পুনৰ SI কাণ্ডৰ লগত জড়িত এজনক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.