ETV Bharat / state

লখিমপুৰত বিধায়ক ভৰত নৰহৰ ঘনিষ্ঠ নেতাই যোগদান কৰিলে বিজেপিত

লখিমপুৰত শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান(Many Congress people join BJP in Lakhimpur) ৷ বিধায়ক ভৰত নৰহৰ বহুকেইজন ঘনিষ্ঠ তথা জ্যেষ্ঠ নেতাসহ আন আন দলৰ পাঁচ শতাধিক কৰ্মীয়ে যোগদান কৰে কংগ্ৰেছত ৷ নতুনকৈ যোগদান কৰা আটাইকে বিজেপিলৈ উষ্ম আদৰণি জনালে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাই ।

author img

By

Published : Jun 9, 2022, 8:54 AM IST

Updated : Jun 9, 2022, 8:59 AM IST

Over 500 Congress supporters join BJP in Lakhimpur
নাওবৈচা সমষ্টিত কংগ্ৰেছ শূন্য হোৱাৰ পথত

নাওবৈচা, 9 জুন: লখিমপুৰত কংগ্ৰেছত ব্যাপক খহনীয়া ৷ জিলাখনত শাসকীয় বিজেপি দল শক্তিশালী হোৱাৰ বিপৰীতে কংগ্ৰেছ দলটো শক্তিহীন হোৱাৰ দিশে গতি কৰিছে ৷ কিয়নো বুধবাৰে কংগ্ৰেছ দল ত্যাগ কৰি বহু নেতা কৰ্মীয়ে যোগদান কৰিলে বিজেপি দলত ৷ এক প্ৰকাৰে যেন শূন্য হোৱাৰ দিশে গতি কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাৰ (Cong leader Bhupen Kumar Borah) গৃহ জিলা লখিমপুৰ ।

বুধবাৰে কংগ্ৰেছ নেতা ভৰত নৰহৰ বহু কেইজন ঘনিষ্ঠ নেতাসহ আন আন দলৰ দুই শতাধিক কর্মীয়ে লালুকৰ গনভৱনত সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাৰ উপস্থিতিত বিজেপিত যোগদান কৰে (Many Congress people join BJP at Nowboicha) । বিগত সময়ছোৱাত কংগ্ৰেছ দলটোৰ উত্তৰণত দিনে-নিশাই কাম কৰি যোৱাৰ পিছত দলৰ শীৰ্ষ নেতৃত্ব তথা বিধায়ক ভৰত নৰহৰ পৰা শেহতীয়াকৈ পোৱা বঞ্চনা আৰু প্ৰতাৰণাৰ বাবেই ভৰত নৰহৰ লগত ছাঁ দৰে লাগি থকা বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ লগতে দলটোৰ ব্ল’ক পৰ্যায়ৰ বহু নেতাই বিজেপিৰ দলত যোগদান কৰে বুলি জানিব পৰা হৈছে ।

নাওবৈচা সমষ্টিত কংগ্ৰেছ শূন্য হোৱাৰ পথত

কংগ্ৰেছ দলৰ পৰা নাওবৈচা মণ্ডল কংগ্ৰেছৰ বৰ্তমান কাৰ্যকৰী সভাপতিৰ দায়িত্বত থকা পূর্ণ দত্ত, ডিক্ৰং গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ দলৰ ভগৱান ছেত্ৰী, ঠেংঙাল কছাৰী স্বায়ত্ব পৰিষদৰ (Thengal Kachari autonomous council) সদস্য ৰঞ্জিত ঠেঙালসহ পাঁচ শতাধিক আন এটা দলৰ কৰ্মীয়ে বিজেপিত যোগদান কৰে (Many Congress people join BJP in Lakhimpur) । ইফালে, নতুনকৈ যোগদান কৰা আটাইকে বিজেপিলৈ উষ্ম আদৰণি জনালে সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক মানৱ ডেকাই । কংগ্ৰেছ দলত সৃষ্টি হোৱা এনে খহনীয়া ৰোধ কৰিবলৈ এতিয়া কংগ্ৰেছে কি কৌশল অৱলম্বন কৰে সেয়া সময়তহে দেখা যাব ৷

লগতে পঢ়ক : কাইলৈ ড৹ শৰ্মা মন্ত্ৰীসভাৰ প্ৰথমটো সম্প্ৰসাৰণ: অন্তৰ্ভুক্ত হ'ব বিজেপিৰ দুই বিধায়ক

Last Updated : Jun 9, 2022, 8:59 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.